শীতৰ ওৰণি ফালি ফাগুন আহে গোপনে , মনে মনে। সৰাপাতে কথা পাতে। সৰি পৰি যোৱা সৰাপাতত লেখা থাকে অলেখ কাহিনী। ফাগুনৰ আগমনত অনুভৱী হৈ উঠে , চঞ্চল হৈ উঠে প্ৰকৃতি প্ৰেমিক। আৰু এই অনুভৱতেই সৃষ্টি হয় বহুতো গীত বহুতো কবিতা। ফাগুন মানেই যেন গীত , ফাগুন মানেই কবিতা।
“ফুলনিত মোৰ মায়াবী ফাগুন
উমলি আছেহি ৰৈ
হৃদয় উজাৰি সৰা পাপৰি
কতনো সুবাস লৈ।”
ফাগুনে খেয়ালী মনৰ ছবি আঁকি যায়। ফাগুনে মায়া জানে। মায়াবী ফাগুনে জোনাক নিশা যৌবনৰ সপোন ৰচে পাতহীন লঠঙা গছৰ ডালত। ফাগুনৰ পলাশ আৰু শিমলুৱে ছটিয়াই যোৱা তেজ ৰঙা ৰঙবোৰৰ দৰেই ৰঙিয়াল হৈ উঠে হৃদয় বোৰ। ফাগুন অহাৰ বতৰা পাই কাঁইটিয়া মদাৰ জোপাও ৰাঙলি হৈ উঠে। সেয়েহে ড° ভূপেন হাজৰিকাৰ গীতত প্ৰাণ পাই উঠিছে—
“মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিছে বহাগতে ৰং সানিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে”
ফাগুন যেন এজাক পছোৱা , ধুলিৰ ধুমুহা , শুকান, ৰুক্ষ তথাপি ফাগুন মানে ৰঙা , উজ্বল সম্ভাৱনা, এটি পূৰ্ণতা । পলাশ ,শিমলু , মদাৰৰ মুঠি মুঠি ৰঙা ৰঙে শিহৰণ তোলে দেহত-হৃদয়ত আৰু এই বলিয়া ফাগুনে আনে প্ৰেমৰ বতৰা। সেয়ে হয়তো জয়ন্ত হাজৰিকাৰ গীতটি কালজয়ী হৈ পৰিল—
” মোৰ ফাগুন আছেহি আহি ৰৈ
তোমাৰ কথাকে কবলৈ
আছেনে সময় তোমাৰ
সমীৰৰ খবৰ শুনাৰ।”
ফাগুনৰ চৌদিশ ধূসৰিত কৰা বতাহত উমান পাওঁ ফাগুন অহাৰ বতৰা। বন জুই জ্বলে দূৰণিৰ পাহাৰত। কুলিৰ মাতত জীপাল হয় প্ৰতিটো ৰাতিপুৱা। ফাগুনৰ দোকমোকালি আলি-আয় লৃগাঙৰ লহৰে লহৰে ঐনিতমৰ সুৰ আৰু গুমৰাগৰ শব্দই মন উতলা কৰে, ৰিণি ৰিণি ভাহি আহে মিঠা মিঠা সুৰ।
” লৃগাঙতে ঐ কনেঙ ঐ
পুৰাং -আপিন মোক খুৱাবিনে
লৃগাঙতে ঐ কানেং ঐ —-
———- ——-
বগাবৰ মন অৰুণাচল অৰুণাচল
জিৰো পাহাৰ খন—-”
ফাগুনৰ বহুতো বদনাম আছে। বলিয়া ফাগুন , দুষ্ট ফাগুন । কিছুমানে আকৌ ফাগুনক নিলাজ বুলিও কয়। হ’ব পাৰে ফাগুন প্ৰেমাতুৰ , হ’ব পাৰে ফাগুন উতনুৱা কিন্তু ধুলিয়ৰি বাটেৰে ধৰণীক সেউজীয়া কৰিবলৈ বহু সংঘাত ফালি ফাগুন নামি আহে ধৰাৰ বুকুলৈ।
” এইয়া চাগে ফাগুন আহিছে
পলাশৰ গাল দুখন ৰঙা পৰিছে
মদাৰেও হাঁহিছে—–”
ফাগুনৰ আগমনৰ লগে লগে লঠঙা হৈ পৰে প্ৰতিজোপা গছ , সৰাপাতৰ বিননিত সেউজীয়া হৈ পৰে অৰণ্য। নতুনৰ হেঁপাহত বসন্তৰ ঠিকনা লিখে সৰাপাতত। ফাগুনে সকলোকে উদ্বাউল কৰিবলৈ জানে । বহাগক আদৰাৰ সপোন ৰচে এই ফাগুনতে। বছৰৰ শেষত চ’তৰ আচলত ধৰি নতুন বছৰক আদৰি ল’য়। ফাগুনে সপোন দেখুৱায় – চৰাই, পখিলা. ফুল,গছ-বিৰিষ , গোটেই পৃথিৱীখনেই স্বপ্নাতুৰ হৈ থাকে এই ফাগুনতে।ফাগুন মানেই শেষ নহয় , আকৌ আৰম্ভ হয় নতুন উলাহেৰে নতুন সাজেৰে। সেয়েহে ‘হীৰেণ ভট্টাচাৰ্যদেৱে’ কৈ গৈছে–
” শুকান বতাহ জাকে
পাতবোৰ উৰুৱাই নিয়ে
ৰাংঢালী চৰাইবোৰে
গছৰ ডালত পৰি নাচে
জুনুকাৰ জুনজুননিত
সাৰ পায় কুঁহিপাতে।
শিমলুৰ সৌ ৰঙা পাহিত
তুমি আহি মাৰিলা হাঁহি।”
ফাগুন তোমাক জঁনালো নিমন্ত্ৰণ। তুমি আহিবা আৰু আনিবা নতুন আশা আৰু নতুন সপোনৰ।