ডিব্ৰুগড়ৰ মানকটাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত সোণোৱাল কছাৰী জনগোষ্ঠীৰ খ্ৰীং খ্ৰীং বাথৌ পূজা অনুষ্ঠানত জাতীয় সংগীত বিকৃত ৰূপত পৰিবেশন কৰা আৰু সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ উপস্থিতি সত্বেও অকতৃত্বশীল ভাবে অনুপস্থিত থকা বাবে ডিব্ৰুগড় আৰু সোণাৰীৰ সাংস্কৃতিক উন্নয়ন বিষয়া ভণীতা হীৰা দাসক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে।
সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা মীনাক্ষী দাস নাথ স্বাক্ষৰিত এক নিৰ্দেশ যোগে বিষয়া গৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।