স্বাস্থ্যৰ ক্ষেত্ৰত নহ’লেও সোৱাদৰ ক্ষেত্ৰত আলুয়ে আন বহু শাক-পাচলিক পৰাস্ত কৰে। কেৱল শিশুৱেই নহয়, প্ৰাপ্তবয়স্কৰো আলুৰ প্ৰতি প্ৰেম আছে। ঘৰত আলুৰ সঘন ব্যৱহাৰ হয় বাবেই সপ্তাহৰ আৰম্ভণিতে বেছিকৈ আলু আনি ফ্ৰীজত ৰখা আপোনাৰ অভ্যাস আছে নেকি ? ই আলুক বহুদিন ভালকৈ ৰাখিব পাৰে। কিন্তু ইয়াৰ প্ৰভাৱ শৰীৰত পৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত কোৱা হৈছে যে ফ্ৰীজত দীর্ঘদিন ৰখা আলু খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
বেছিভাগেই বজাৰৰ পৰা সাপ্তাহিক শাক-পাচলি কিনি ফ্ৰীজত ৰাখে। আলুও সেই তালিকাত আছে। গৱেষকসকলৰ মতে, আন আন শাক-পাচলি ফ্ৰীজত ৰাখিলে সমস্যা নহয় , কিন্তু আলুৰ ক্ষেত্ৰত কথাটো বেলেগ। আলু ফ্ৰীজত বেছি সময় ৰাখিলে তাত অতিৰিক্ত শর্কৰাৰ সৃষ্টি হয়। আলু ফ্ৰীজৰ পৰা উলিয়াই সিজালে সেই কাৰ্বহাইড্ৰেটবোৰ কেন্সাৰ সৃষ্টিকাৰী এক্ৰিলামাইডলৈ পৰিণত হয়।
আলু ফ্ৰীজত থকাৰ সময়ত ষ্টার্ক শর্কৰালৈ ৰূপান্তৰিত হয়। কিন্তু গৰমৰ সংস্পৰ্শলৈ আহিলে এই শর্কৰাবোৰ ক্ষতিকাৰক এমিনো এচিডলৈ পৰিণত হয়। এই এচিড এছপাৰাজিনৰ সৈতে মিলি এক্ৰিলামাইড ৰাসায়নিক পদাৰ্থ গঠন কৰে। এই অধ্যয়নৰ পৰা আন কেইবাটাও তথ্য পোহৰলৈ আহিছে ৷ আলুৰ উপৰিও ৰুটি, টমেটো আদি খাদ্যও ফ্ৰীজত ৰাখিব নালাগে। তাৰ লগতে গৱেষকসকলে ফ্ৰীজত পিয়াঁজ, তিয়হ, নহৰু আদি ফলমূল আৰু শাক-পাচলিও ৰাখিব নালাগে বুলি মতপোষণ কৰিছে ৷