নিচা মুক্ত অসম গঢ়াৰ সংকল্পৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শাসনভাৰ লোৱা দিন ধৰি ড্ৰাগছৰ বিৰুদ্ধে প্ৰৱল অভিযান চলাই থকাৰ মাজতে প্ৰকাশ পাইছে এক উদ্বেগজনক খবৰ।
এছ’চিয়েশ্যন অৱ ড্ৰাগ ৰিহেবিলিটেচন চেন্টাৰ অৱ আসামে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত বৰ্তমানেও আছে তিনি লক্ষাধিক ড্ৰাগছ আসক্ত।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত সংস্থাটোৰ সম্পাদক সিদ্ধাৰ্থ ভট্টই এই তথ্য প্ৰকাশ কৰি কয় যে অসমৰ লগতে গুৱাহাটীতেই প্ৰায় পঞ্চাছ হাজাৰ ড্ৰাগছ আসক্তই চিৰিঞ্জ ব্যৱহাৰ কৰি এই মাৰাত্মক ড্ৰাগছ সেৱন কৰি আছে।
ইয়াৰোপৰি সম্প্ৰতি অসমত প্ৰায় ১০০ টা নিচামুক্তি কেন্দ্ৰ আছে।আৰু এই কেন্দ্ৰ সমূহত বৰ্তমানেও প্ৰায় পাঁচ হাজাৰ ড্ৰাগছ আসক্তই চিকিৎসা গ্ৰহণ কৰি আছে।ড্ৰাগছৰ কৱলত পৰা অসমক নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰক হাতত হাত ধৰি আগবাঢ়ি যাবলৈও আহ্বান জনাই সম্পাদক গৰাকীয়ে।
”ড্ৰাগছ” সৰ্বত্ৰে বিয়পি পৰা এই মাৰাত্মক ব্যাধিটোৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ চৰকাৰ আৰু নাগৰিক সমাজৰ বিভিন্ন অংশীদাৰীয়ে যুটীয়াভাৱে কৌশল যুগুত কৰাৰ লগতে সজাগতা বৃদ্ধি কৰাৰো পোষকতা কৰে সংস্থাটোৱে।
লগতে সম্পাদকজনে এইবুলি উল্লেখ কৰে যে যদিহে আমি অসমক এখন নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰো তেনেহলে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ এই যুঁজ খন দীঘলীয়া হ’ব আৰু সকলো একত্ৰিত হৈ এই যুঁজ খন আগবঢ়াই নিব লাগিব।
এই তথ্য প্ৰকাশৰ পিছতেই এতিয়া সৰ্বত্ৰে প্ৰশ্ন উঠিছে সুদীৰ্ঘ ১০০ দিন অতিক্ৰম কৰা অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা মাৰাথান অভিযানৰ মাজতো কেনেকৈ ড্ৰাগছ মাফিয়াই নিৰ্বিঘ্নে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়? নে পুঠি-খলিহনা জালত পৰি সাৰি গৈছে নেকি ৰৌ-বৰালি?