দক্ষিণ-পশ্চিম লণ্ডনৰ ক্লেফামৰ জেছন আৰ্ডে ১৮ বছৰ বয়সলৈকে পঢ়িব বা লিখিব পৰা নাছিল। ১১ বছৰ বয়সৰ পিছতহে তেওঁৰ মুখৰ পৰা মাত ওলাইছিল ৷বৰ্তমান তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক। সৰুৰে পৰা অটিজিম ৰোগ ধৰা পৰা জেছনৰ শাৰীৰিক আৰু মানসিক বিকাশত পলম হৈছিল। বহু দিনলৈ তেওঁ কথা ক’ব পৰা নাছিল । কিন্তু সৰুৰে পৰা সংগ্ৰাম কৰাৰ পিছত ৩৭ বছৰ বয়সত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত সমাজবিজ্ঞানৰ অধ্যাপক হিচাপে তেওঁ নিযুক্তি লাভ কৰে।
জেছনক সৰুতে ডাক্তৰে কৈছিল যে তেওঁ ঘৰত বহুত নিয়মৰ মাজেৰে জীয়াই থাকিব লাগিব। কিন্তু জেচনে সেইটো মানি ল’ব বিচৰা নাছিল। শোৱনি কোঠাৰ বেৰত তেওঁ নিজৰ জীৱনৰ লক্ষ্য লিখিছিল। তাত লিখা আছিল, ‘মই অক্সফৰ্ড বা কেম্ব্ৰিজত কাম কৰিব বিচাৰো।’ তাৰ পৰাই তেওঁৰ সংগ্ৰাম আৰম্ভ হ’ল।
জীৱনত বহু বিপৰ্যয়ৰ অন্তত জেছনে দুটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ছাৰে বিশ্ববিদ্যালয়ৰ পৰা শাৰীৰিক শিক্ষাৰ ডিগ্ৰী লাভ কৰে। ২০১৬ চনত লিভাৰপুল জন মূৰছ বিশ্ববিদ্যালয়ৰ পৰা গৱেষণামূলক পি এইচ ডি সম্পূৰ্ণ কৰে। ২০১৮ চনত তেওঁৰ থেছিছ প্ৰকাশ পাইছিল আৰু গ্লাছগোৰ স্কুল অৱ এডুকেচনত চাকৰি লাভ কৰি তেওঁ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া অধ্যাপক হৈছিল।
জেছনে কয় যে নেলছন মেণ্ডেলাৰ কাৰাগাৰৰ পৰা মুক্তি আৰু ১৯৯৫ চনত ৰাগবী বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ জয়ে তেওঁক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল।