আৱকাৰী কেলেংকাৰীক লৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰা কার্যক প্ৰত্যহ্বান জনায় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’ডিয়াই ৷ দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত দেওবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰে উপ মুখ্যমন্ত্ৰীক। সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় ছিছ’ডিয়াক। আদালতে তেওঁক ৫ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও চিছ’ডিয়াই শিক্ষা আৰু বিত্ত মন্ত্ৰালয়ৰ দায়িত্বও পালন কৰি আহিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছিছ’ডিয়াৰ গ্ৰেপ্তাৰক ‘লেতেৰা ৰাজনীতি’ বুলি অভিহিত কৰে। আম আদমি পাৰ্টিয়ে দাবী কৰিছিল যে ‘ৰাজনৈতিক প্ৰতিশোধ’ৰ বাবেই ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। আনকি, আপৰ নেতাসকলে এই গ্ৰেপ্তাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জগৰীয়া কৰিছে। অৱশ্যে আপৰ এই দাবী নাকচ কৰিছে বিজেপিয়ে। যাৰ বাবে আপ আৰু বিজেপিৰ সংঘাত চৰম পৰ্যায়ত উপনীত হৈছে ৷
সোমবাৰে আদালতত চিবিআইয়ে দাবী কৰে যে ছিছ’ডিয়াই তেওঁলোকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল। চিবিআইয়ে দাবী কৰে যে খচৰা আবকাৰী নীতিৰ পৰিৱৰ্তন সুৰা বিক্ৰী কৰা কোম্পানীসমূহৰ স্বাৰ্থত কৰা হৈছে। বিনিময়ত ১০০ কোটি টকা উৎকোচ প্ৰদান কৰা হৈছিল ৷ চিছ’ডিয়াৰ কম্পিউটাৰৰ পৰা আবকাৰী নীতিৰ খচৰা সন্দৰ্ভত এখন টোকা উদ্ধাৰ কৰা বুলিও দাবী কৰে চিবিআইয়ে। তদন্তকাৰী সৎস্থাটোৰ মতে, ছিছ’ডিয়াই আবকাৰী আয়ুক্তক এই নোটখন দিছিল।
এই আবকাৰী দুৰ্নীতি কি?
২০২১ চনৰ ১৬ নৱেম্বৰত দিল্লী চৰকাৰে নতুন আবকাৰী নীতি প্ৰৱৰ্তন কৰে। সুৰা বিক্ৰীৰ ধৰণত পৰিৱৰ্তন কৰে ।নতুন আবকাৰী নীতিৰ জৰিয়তে চৰকাৰী সুৰাৰ বিপণী বন্ধ কৰি ব্যক্তিগত সুৰাৰ বিপনীক সুৰা বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ আহ্বান জনায়। কেজৰিৱাল চৰকাৰে ৮৪৯খন নতুন সুৰাৰ দোকান খুলিব বিচাৰিছিল। ৰাজধানীৰ ৩২টা অঞ্চলত এই সুৰাৰ বিপণীসমূহ মুকলি কৰাৰ পৰিকল্পনা আছিল। আবকাৰী বিভাগৰ দায়িত্বত আছে উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া । নতুন আবকাৰী নীতিয়ে সুৰাৰ ক’লা বজাৰ শেষ কৰি ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিব বুলিও দাবী কৰে চৰকাৰে। ইয়াৰ পূৰ্বে দিল্লীত মুঠ ৮৬৪খন সুৰাৰ দোকান আছিল। ৪টা চৰকাৰী সংস্থাই চলাই আছে ৪৭৫খন সুৰাৰ দোকান। বাকী ৩৮৯খন ব্যক্তিগত কোম্পানীৰ মালিকৰ হাতত আছিল। এই নীতি কাৰ্যকৰী কৰিবলৈ আবকাৰী অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত অনিয়ম আৰু আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে নতুন আবকাৰী নীতি প্ৰৱৰ্তনৰ মাত্ৰ ৮ মাহৰ পিছত প্ৰত্যাহাৰ কৰা হয়। দাবী কৰা হৈছে যে নতুন নীতিত কিছু প্ৰক্ৰিয়াগত সমস্যা আছে। যদিও ৬৪৪খন নতুন সুৰাৰ বিপণী খোলা হ’ল, অৱশেষত ব্যৱসায়ীসকলে ব্যৱসায় কৰিব নোৱাৰাৰ বাবে অনুজ্ঞাপত্ৰ ঘূৰাই দিবলৈ আৰম্ভ কৰে। ৩১ জুলাইৰ ভিতৰত চৰকাৰে পুনৰ পুৰণি আবকাৰী নীতিলৈ যোৱাৰ সিদ্ধান্ত লয়। ইউ পি চৰকাৰৰ নতুন নীতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ উপ-ৰাজ্যপাল বিনয়কুমাৰ ছাক্সেনাই চি বি আইৰ তদন্তৰ বাবে অনুৰোধ জনাইছিল। ইয়াৰ পিছতে চিবিআইয়ে তদন্ত আৰম্ভ কৰে।