দেশত তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে সতর্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ বিশেষকৈ গ্ৰীষ্মপ্ৰবাহৰ সম্ভাৱনা থকা ৰাজ্যসমূহক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ যাৰ বাবে তাপ বৃদ্ধি পোৱাৰ লগে লগে হ’ব পৰা ৰোগ সন্দর্ভত নিৰীক্ষণ কৰিবলৈ নির্দেশ দিছে কেন্দ্ৰই ৷ স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰি এই নির্দেশ জাৰি কৰিছে ৷
বছৰৰ এই সময়ত আশা কৰা ধৰণৰ স্বাভাৱিক উষ্ণতাৰ পৰা যথেষ্ট বিচ্যুতি ঘটি উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা গৰমৰ ফলত হ’ব পৰা ৰোগৰ ওপৰত দৈনিক চোৱাচিতাৰ সন্দৰ্ভত ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে ।স্বাস্থ্য সচিব ৰাজেশ ভূষনে কয় যে দৈনিক জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্যৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপিচিচিএইচএইচ)ৰ অধীনত সকলো ৰাজ্যতে চোৱাচিতা কৰা হ’ব ৷ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য সুবিধাসমূহৰ ফলপ্ৰসূ প্ৰস্তুতিৰ বাবে এই নিৰ্দেশনামূলক পত্ৰ সকলো জিলাতে প্ৰচাৰ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়া হৈছে ৷
শীৰ্ষ স্বাস্থ্য বিষয়াগৰাকীয়ে কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগসমূহে চিকিৎসা বিষয়া, স্বাস্থ্য কৰ্মচাৰী, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক গৰমজনিত ৰোগৰ ওপৰত সংবেদনশীলতা আৰু সামৰ্থ্য বিকাশ, ইয়াৰ আগতীয়া প্ৰস্তুতি আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব।
তেওঁ কয় “স্বাস্থ্য সুবিধাৰ প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰয়োজনীয় ঔষধ, বৰফৰ পেক, অ’ আৰ এছ আৰু সকলো প্ৰয়োজনীয় সঁজুলিৰ উপলব্ধতাৰ বাবে পৰ্যালোচনা কৰিব লাগিব। সকলো স্বাস্থ্য সুবিধাত পৰ্যাপ্ত খোৱাপানীৰ উপলব্ধতা আৰু জটিল অঞ্চলত শীতল সঁজুলিৰ কাম-কাজ অব্যাহত থকাটো নিশ্চিত কৰিব লাগিব।’
উত্তৰ-পশ্চিম, মধ্য আৰু পশ্চিম ভাৰতৰ উষ্ণতা অধিক হোৱাৰ বাবে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে গ্রীষ্মকাল আগতীয়াকৈ আৰম্ভ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে৷ তামিলনাডু, পুডুচেৰী আৰু কৰিকাল অঞ্চলৰ বাহিৰে ফেব্ৰুৱাৰী মাহত কাৰ্যতঃ আন ঠাইত বৰষুণ হোৱা নাই। ২০ ফেব্ৰুৱাৰীলৈকে পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ত ৯৯% বৰষুণৰ অভাৱ; গংগা পশ্চিম বংগত ৯৭% বৰষুণৰ অভাৱ; ওড়িশাত ৯৯%; উপকূলীয় অন্ধ্ৰ প্ৰদেশত ৯৯%; পূব আৰু পশ্চিম উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ১০০% বৰষুণৰ অভাৱ ঘটিছে ।