দেশৰ বিভিন্ন চহৰ আৰু ঐতিহাসিক স্থানৰ নাম সলনিৰ বাবে নতুন আয়োগ গঠনৰ অর্জিৰে দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। বিজেপি নেতাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় “ অতীতক খুচৰিব নালাগে ৷ বৈষম্যৰ সৃষ্টি হোৱা ধৰণে কাম নকৰিব। দেশত উত্তেজনাৰ সৃষ্টি নকৰিবা।’
দেশৰ কেইবাখনো চহৰ আৰু ঐতিহাসিক স্থানৰ নাম ‘আক্ৰমণকাৰী’ৰ নামেৰে ৰখা হৈছে। গতিকে সেই ঠাইবোৰৰ নাম সলনি কৰিবলৈ আহ্বান জনাইছে ৷ চহৰ আৰু ঐতিহাসিক স্থানৰ ‘প্ৰকৃত নাম’ জনাৰ লগতে ভাৰত ইতিহাসৰ দাস হ’ব নোৱাৰে বুলি দাবী কৰিছিল আবেদনকাৰী বিজেপি নেতা অশ্বিনী উপাধ্যায়ৰ। ইয়াৰ বাবে বিজেপি নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰি “পুনৰ নামাকৰণ আয়োগ” গঠনৰ বাবে অনুৰোধ জনায়। ন্যায়াধীশ কে এম যোচেফ আৰু বি ভি নাগাৰত্নেৰ বিচাৰপীঠে সোমবাৰে এই গোচৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে।
গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয়, ‘ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। হিন্দু ধৰ্ম কেৱল এটা ধৰ্ম নহয়। ই এক জীৱনশৈলী। হিন্দু ধৰ্মত কোনো কুসংস্কাৰ নাই। বৈষম্যৰ সৃষ্টি কৰিব পৰাকৈ কাম নকৰিব। দেশত উত্তেজনাৰ সৃষ্টি নকৰিবা।” আদালতে লগতে কয় যে দেশৰ ইতিহাসে কেতিয়াও বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক ভয় খুৱাব নোৱাৰে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মোগল গাৰ্ডেনৰ নাম সলনি কৰিছে। নতুন নাম দিয়া হৈছে ‘অমৃত উদ্যান’। ইয়াৰ পূৰ্বে বহু অট্টালিকা, পথ, ষ্টেচন আনকি চহৰৰ নাম মোদী চৰকাৰে সলনি কৰিছিল। উত্তৰ প্ৰদেশৰ মোগলচৰাই ষ্টেচনৰ নাম সলনি কৰা হৈছে দীনদয়াল উপাধ্যায়। দিল্লীৰ ৰাজপথক কর্তব্য পথ বুলি অভিহিত কৰা হৈছে। এলাহাবাদৰ নাম প্ৰয়াগৰাজ ৰখা হৈছিল। ইয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে বিজেপি চৰকাৰ। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে বিজেপি নেতাৰ নাম সলনি সম্পৰ্কীয় আবেদন নাকচ কৰে।