আৰক্ষীৰ পৰা হাত সাৰিবলৈ থাইলেণ্ডৰ এজন ড্ৰাগছ মাফিয়াই গ্ৰহণ কৰা পদক্ষেপে সকলোৰে চকু কপালত তুলিছে ৷ প্লাষ্টিক চার্জাৰী কৰি বাৰে বাৰে আৰক্ষীৰ পৰা হাত সাৰিব বিচাৰিছে এইজন কুখ্যাত অপৰাধীয়ে ৷ কিন্তু অৱশেষত আৰক্ষীৰ হাতত পৰিল অপৰাধীজন ৷ থাইলেণ্ডৰ ড্ৰাগছ মাফিয়াৰ সহযোগী ২৫ বছৰীয়া সহযোগী ছাৱাংগাজেন আৰক্ষীৰ হাতত ধৰা পৰে। এইজন ড্ৰাগছ ব্যৱসায়ীক ইয়াৰ পূৰ্বে তিনিবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু প্ৰতিবাৰেই আৰক্ষীৰ চকুত ধূলি মাৰি পলাবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ তেওঁ আৰক্ষীৰ পৰা হাত সাৰিব নোৱাৰিলে । এই ড্ৰাগছ মাফিয়াক বেংককৰ এটা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ছাৱাংগাজেনে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাবলৈ নিজকে ছয়ং জেমিন বুলি পৰিচয় দিছিল। বাৰে বাৰে প্লাষ্টিক চাৰ্জাৰী কৰি নিজকে ছিয়ং হিচাপে বিশ্বাসযোগ্য কৰি তুলিছিল। যাতে তেওঁক কোৰিয়ান যেন লাগে। অৱশ্যে গোটেই কাহিনীৰ বিষয়ে অৱগত হয় আৰক্ষী ৷
আৰক্ষীৰ সূত্ৰ অনুসৰি ছাৱাংগাজেনে থাইলেণ্ডত এমডিএমএ ড্ৰাগছৰ ব্যৱসায় কৰিছিল। ক্ৰেতা-বিক্ৰেতাজনক ধৰি আৰক্ষীয়ে জেৰা কৰি ‘এজন ধুনীয়া কোৰিয়ান মানুহ’ক উদ্ধাৰ কৰে। সেই ধুনীয়া কোৰিয়ান মানুহজন কোন? অধিক তদন্তৰ অন্তত আৰক্ষীয়ে নিশ্চিত কৰে যে কোৰিয়ানজনে আন কাৰোবাৰ ছদ্মবেশত আছিল। বেংককৰ এটা বাসগৃহত অভিযান চলাই ‘সুন্দৰ কোৰিয়ান মানুহ’জনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ চকু কপালত উঠে ! বাৰে বাৰে প্লাষ্টিক চাৰ্জাৰী কৰি তেওঁ মুখখন সম্পূৰ্ণৰূপে সলনি কৰিছে। তেওঁক এতিয়া থাইলেণ্ডৰ নাগৰিক দৰে দেখা নাযায় ৷
তেওঁক জেৰা কৰি আৰক্ষীয়ে গম পালে যে তেওঁ থাইলেণ্ডক লৈ বিচলিত হৈ পৰিছে। নতুন জীৱন আৰম্ভ কৰিব বিচাৰে। ছাৱাংগাজেনে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে তেওঁ আগতে ইউৰোপৰ পৰা ড্ৰাগছ আনি থাইলেণ্ডত বিক্ৰী কৰিছিল। ডাৰ্ক ৱেবৰ জৰিয়তে বিটকইন লেনদেন কৰি এই ড্ৰাগছ সৰবৰাহ কৰিছিল । থাইলেণ্ডৰ আৰক্ষীৰ মেজৰ জেনেৰেল থিৰাডেজ থামাছুটে কয় যে বেংকসমূহ এমডিএমএ ব্যৱসায়ৰ অন্যতম মূল সমৰ্থক। ২৫ বছৰ বয়সত তেওঁ ইউৰোপৰ পৰা ড্ৰাগছ আনি ইয়াত বিক্ৰী কৰিছিল। এই চক্ৰৰ আন লোকক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।