মাতৃহীন শিশুৰ তত্ত্বাৱধানৰ এটা গোচৰৰ শুনানিক লৈ আচৰিত ঘটনা সংঘটিত হয় । সেই গোচৰৰ এফালে শিশুটিৰ দেউতাক আছিল। আৰু বিপৰীত ফালে আছিল শিশুটিৰ মাতৃৰ আত্মীয় – আইতাক, ককাক। দীৰ্ঘদিনীয়া গোচৰটোত অৱশেষত আদালতে সন্তানৰ দায়িত্ব পিতৃৰ হাতত অৰ্পণ কৰে। কিন্তু সেই ৰায়দানত শিশুটি সুখী নহয়। দেউতাকে লগত লৈ যাব খোজাৰ লগে লগে দেউতাকৰ হাতখন এৰি উন্মাদ হৈ আদালত চৌহদৰ দৌৰি ওলাই যায় ৷ য’ত শিশুটিৰ ককা-আইতা, মৃত মাতৃৰ আত্মীয়ই থিয় হৈ ৰৈ আছিল।
মঙলবাৰে বম্বে উচ্চ ন্যায়ালয়ৰ চৌহদত চিনেমাৰ দৰে এই দৃশ্য প্ৰত্যক্ষ কৰা হয় ৷ শিশুটিৰ মাতৃৰ তিনি বছৰ পূৰ্বে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ইয়াৰ পিছতে শিশুটিক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব কোনে ল’ব তাক লৈ গোচৰ আৰম্ভ হয় । প্ৰথমে উচ্চ ন্যায়ালয়ে আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়ে সন্তানটো ডাঙৰ-দীঘল কৰাৰ দায়িত্ব পিতৃক দিলে। কিন্তু তাৰ পিছতো আদালতৰ নিৰ্দেশ অনুযায়ী মাতৃৰ আত্মীয়ই সন্তানটোক পিতৃক ঘূৰাই নিদিলে। যাৰ বাবে আন এটা গোচৰ ৰুজু কৰা হয়। এই গোচৰৰ শুনানি মঙলবাৰে বোম্বাই উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয় । কিন্তু গোচৰৰ ৰায় ঘোষণাৰ পিছতে আদালত চৌহদৰ পৰা শিশুটি দৌৰি ওলাই যোৱাত ন্যায়ালয় বিমোৰত পৰে ৷ যাৰ বাবে ৰায় ঘোষণা হোৱাৰ পিছতো আদালতে পুনৰ শুনানি গ্ৰহণ কৰে ৷
বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ গাডকাৰী আৰু ন্যায়াধীশ পি ডি নাইকৰ বিচাৰপীঠে মঙলবাৰে দিনৰ প্ৰায় ২.৩০ বজাত শিশুটিৰ তত্ত্বাৱধান পিতৃক গতাই দিবলৈ নিৰ্দেশ দিয়ে। কিছু মুহূৰ্তৰ পিছতে শিশুটিৰ পিতৃয়ে গাড়ীত উঠাবলৈ চেষ্টা কৰে যেতিয়া শিশুটিয়ে দেউতাকৰ হাতখন এৰি ক’ৰ্টৰ মূল ভৱনটোৰ ফালে দৌৰি যায় ৷ শিশুটিয়ে আপত্তি কৰাৰ পিছতে দুয়োপক্ষ পুনৰ আদালতলৈ যায়। লগে লগে আদালতে গোচৰৰ পুনৰ শুনানিৰ নিৰ্দেশ দিয়ে।
শিশুটিৰ মাতৃৰ ফালৰ পৰা ককাকৰ অধিবক্তাই ঘটনাৰ ভিডিঅ’ আদালতত দেখুৱাবলৈ আগবঢ়াইছিল। কিন্তু আদালতে বিষয়টোৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ নকৰি অধিবক্তাজনক ধমক দিয়ে। দুজনীয়া বিচাৰপীঠে পৰ্যবেক্ষণ কৰিলে, অধিবক্তাজনে আদালতৰ নিৰ্দেশ অমান্য কৰি তেওঁৰ ক্লায়েণ্টক ভুল পৰামৰ্শ দিছিল। আদালতক আওকাণ কৰাৰ এই প্ৰৱণতাৰ বিৰুদ্ধে তেওঁক সকীয়াই দি আদালতে পুনৰ এবাৰ তেওঁক কয় যে সন্তানৰ দায়িত্ব পিতৃক দিব লাগে।
ইয়াৰ পূৰ্বে এই গোচৰত শিশুটিৰ পিতৃয়ে অভিযোগ কৰিছিল যে তেওঁৰ প্ৰয়াত পত্নীৰ আত্মীয়ই তেওঁৰ সন্তানক ভুলতে তেওঁৰ ওচৰলৈ আহিবলৈ নিদিয়ে । যদিও মঙলবাৰে আদালতে এই সন্দৰ্ভত একো নকয়, তথাপিও আদালতে ককাকক শিশুটিৰ দায়িত্ব অৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিশুটিক মুম্বাইৰ কস্তুৰবা মাৰ্গ থানাত চমজাই দিবলৈ নিৰ্দেশ দিয়ে।