চাহ খাই বেয়া পোৱা লোক হয়তো খুব কমেই আছে। কিন্তু চাহৰ বহুতো স্বাস্থ্যসন্মত গুণাগুণ আছে যিয়ে শৰীৰটোক বিভিন্ন ধৰণে সহায় কৰে। বহুতো লোকে গাখীৰ দিয়া চাহৰ সলনি ৰঙা চাহ খোৱাটো বেচি পচন্দ কৰে।আনহাতে আজিকালি বজাৰত বিভিন্ন সোৱাদযুক্ত চাহো উপলব্ধ। কিন্তু অতীজৰে পৰা চলি অহা আদা দিয়া ৰঙা বা গাখীৰ চাহ কাপেহে যেন সকলো লোকৰে প্ৰিয়।
জানিবলৈ পোৱা মতে আদা দিয়া চাহ কাপে শৰীৰটোক বহু ক্ষেত্ৰত নিৰোগী কৰি ৰাখে। আদা দিয়া চাহৰ কিছুমান বিশেষত্ব হৈছে-
- আদা দিয়া চাহে খাদ্য হজমৰ ক্ষেত্ৰত গুৰুত্বৰ ভূমিকা পালন কৰে। আনহাতে ওকালি অহা অথবা বমি বমি ভাৱ নাইকীয়া কৰিবৰ বাবে আদা দিয়া ৰঙা চাহ অতি উপকাৰী। পাচনতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত আদা দিয়া চাহে ঔষধৰ দৰেই কাম কৰে।
- আদা দিয়া চাহে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।আনহাতে ই চৰ্বি গলোৱাটো সহায় কৰে, যাৰ ফলত ওজন বৃদ্ধি নহয়।
- আদাত প্ৰচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট পোৱা যায় যিয়ে টিউমাৰ কোষবোৰক প্ৰভাৱিত কৰে। কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায়কাৰী হয় এই আদা দিয়া চাহ।
- এটি গৱেষণাৰ মতে প্ৰতি দিনে আদা দিয়া চাহ খোৱা মানুহে উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা বাচি থাকে।
- আজিকালি প্ৰায়ভাগ লোকেই মাইগ্ৰেণৰ সমস্যাত ভোগে। নিয়মিত আদা দিয়া চাহ খালে মূৰৰ বিষ আৰু মাইগ্ৰেণৰ সমস্যাৰ পৰা অলপ হ’লেও সকাহ পাব পাৰি।
- প্ৰতি দিনে আদা দিয়া চাহ খোৱাৰ অভ্যাস কৰিলে কিডনি নষ্ট হোৱাৰ ভয় নাথাকে। আনকি মধুমেহ ৰোগো নিয়ন্ত্ৰণ কৰিব পাৰে এই আদা দিয়া চাহে। আদাত জিংক নামৰ এবিধ উপাদান থাকে যি মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী।