আকৌ এবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা ‘তোগলকী’ সিদ্ধান্তই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ শেহতীয়াকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন আচৰণ বিধি প্ৰস্তুত কৰিছে। নতুন নিয়ম অনুসৰি বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ২০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব। আৰু যদি কোনো ছাত্ৰ কোনো হিংসাত্মক ঘটনাত জড়িত হয় তেন্তে তেওঁৰ জৰিমনা ৩০ হাজাৰ হ’ব পাৰে। আনকি অভিযুক্তক বিশ্ববিদ্যালয় চৌহদৰ পৰাও বহিষ্কাৰ কৰা হ’ব পাৰে। তেওঁৰ সকলো শিক্ষাৰ প্ৰমাণ পত্ৰ জব্দ কৰিব পাৰে।
বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ নিয়ন্ত্ৰণ সংস্থা কাৰ্যনিৰ্বাহক সমিতিয়ে দীৰ্ঘদিনীয়া আলোচনাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু সংস্থাটোৰ এজন সদস্যই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, নতুন নিয়মৰ খচৰা কেৱল আইনী প্ৰক্ৰিয়াৰ বাবেহে প্ৰস্তুত কৰা হৈছে। আকৌ বিশ্ববিদ্যালয় প্ৰশাসনৰ এটা অংশই কয় যে ৩ ফেব্ৰুৱাৰীৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে। এই প্ৰসংগত বিশ্ববিদ্যালয়খনে ১৭টা ‘গুৰুতৰ অপৰাধ’ৰ কথা উল্লেখ কৰিছে। ইয়াৰ ভিতৰত আছে অবৈধ সমাৱেশ, বলপূৰ্বকভাৱে হোষ্টেল দখল কৰা, বিশ্ববিদ্যালয় চৌহদত অশ্লীল আৰু আপত্তিজনক শব্দ কোৱা বা লিখা ইত্যাদি ৷নতুন নিয়মত উল্লেখ আছে যে সংশ্লিষ্ট ছাত্ৰজনৰ বিৰুদ্ধে থকা অভিযোগনামাৰ প্ৰতিলিপিও তেওঁৰ অভিভাৱকলৈ প্ৰেৰণ কৰা হ’ব। এই নিয়ম বিশ্ববিদ্যালয়ৰ পূৰ্ণকালীন আৰু অংশকালীন দুয়োটা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰযোজ্য হ’ব।
যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত বিবিচিৰ এখন বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনক লৈ জেএনইউৰ কেম্পাছ পুনৰ উত্তপ্ত হৈ পৰিছিল। তেতিয়াহে বিশ্ববিদ্যালয়ে এই নিয়ম ৰাজহুৱা কৰিলে। দেশৰ এই অভিজাত উচ্চ শিক্ষানুষ্ঠানখনে ইয়াৰ পূৰ্বেও বিভিন্ন কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। কেতিয়াবা গেৰুৱা শিবিৰৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে বাওঁপন্থী ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল, কেন্দ্ৰৰ শাসকীয় বিজেপিয়ে বাওঁপন্থী ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়ত ‘ৰাষ্ট্ৰ বিৰোধী’ কাম-কাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এই নতুন নিয়মৰ খবৰ পোহৰলৈ অহাৰ পাছত গেৰুৱা শিবিৰৰ ছাত্ৰ সংগঠন এবিভিপিয়ে ইয়াক ‘টোগলকী’ বুলি সমালোচনা কৰে।