শনিবাৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰা বিজেপি দলৰ কেইবাগৰাকী মন্ত্ৰী- বিধায়ক আৰু নেতাৰ বিৰুদ্ধে ক’ভিড নীতি ভংগ কৰাৰ অভিযোগ আনি দিশপুৰ থানাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থানাত এজাহাৰ দাখিল কৰে অসম জাতীয় পৰিষদ দলে।
ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ৰাজ্যত চলি আছে ক’ভিডৰ কঠোৰ নীতি-নিৰ্দেশনা। এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই বৰ্তমান স্থৱিৰ হৈ পৰিছে ৰাজ্যৰ আৰ্থিক অৱস্থা। চৰম আৰ্থিক সংকটত পৰি কোঙা হৈ পৰিছে সাধাৰণ ৰাইজ।
তেনে সময়তে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আঁদৰিবলৈ অনুষ্ঠিত কৰা জন আৰ্শীবাদ যাত্ৰাক তীব্ৰ ভাষাৰে নিন্দা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই যাত্ৰাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।
উল্লেখ যোগ্য যে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈ এই আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰে।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আহ্বানমৰ্মে মোডী কেবিনেটৰ নতুন মন্ত্ৰী সকলে ৰাজ্যই ৰাজ্যই অনুষ্ঠিত কৰা এই আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে।
তেনেক্ষেত্ৰত জন আৰ্শীবাদ যাত্ৰাৰ এই কালছোৱাত ক’ভিড প্ৰ’টকল ভংগ কৰাৰ অভিযোগ আনি আইনী যুঁজত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদ দল।দলটোৱে দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুসহ ১২ জনকৈ নেতাৰ বিৰুদ্ধে দিশপুৰ, লতাশিলসহ ৰাজ্যৰ বিভিন্ন ঠাইৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
দলটোৰ মতে ইচ্ছাকৃতভাৱে আইন উলংঘন কৰি দেশৰ আইন ব্যৱস্থাক ভেঙুচালি কৰিছে এইসকল বিজেপি কৰ্মীয়ে। ই জনসাধাৰণৰ অনুভূতিক আঘাত দিয়া এক গুৰুতৰ অপৰাধ।
শনিবাৰে দুপৰীয়া বৰঝাৰ বিমান বন্দৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা কমেও চাৰিদিন চলিব।ৰাজ্যৰ জিলাই জিলাই উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীজনক আঁদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন।