আকাশলংঘী হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। মঙলবাৰে মাজনিশা পুনৰ ৰন্ধন গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে । ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুলাই মাহত শেষবাৰৰ বাবে গেছৰ মূল্য বৃদ্ধি কৰা হৈছিল। যাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ লোকসকল ৷ ৰাতিপুৱাৰ টিফিনৰ পৰা আৰম্ভ কৰি সন্ধিয়াৰ জলপানলৈকে সকলো ঘৰতে প্ৰস্তুত কৰা হয় । ফলত মাহ শেষ হোৱাৰ আগতেই গেছ শেষ হৈ যায় । গেছৰ দাম যি হাৰত বৃদ্ধি পাইছে, সেই হাৰত মাহত দুবাৰকৈ গেছ কিনাটো সঁচাকৈয়ে বহুতৰে বাবে এটা সমস্যা। গতিকে ৰন্ধন গেছ ৰাহি কৰাটো গুৰুত্বপূৰ্ণ। সেইটো আপুনি কেইটামান সহজ উপায়েৰে কৰিব পাৰে। ইয়াৰ কিছুমান কৌশল ইয়াত উল্লেখ কৰা হ’ল।
১) পাইপ, ৰেগুলেটৰ বা বাৰ্নাৰত ফুটা আছে নেকি নিয়মিতভাৱে পৰীক্ষা কৰক। যদি সৰু ফুটা এটাও থাকে তেন্তে সেয়া বিপদজনক। সেই ফুটাৰে গেছ ওলাই যাব। তাৰ লগতে আন বিপদৰ ভয়ো আছে। গতিকে ৰন্ধা-বঢ়া কৰোতে গেছৰ গোন্ধ পালে এৰাই চলিব নালাগে। গেছ পাইপত কোনো ধৰণৰ লিকেজ হৈছে নেকি পৰীক্ষা কৰক।
২) বাৰ্নাৰটো নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে। ৰন্ধন গেছৰ শিখাৰ ৰং নীলা হ’ব লাগে। ৰঙা, হালধীয়া বা কমলা ৰঙৰ জুই দেখা পালে বুজিব যে গেছটো ভালদৰে জ্বলি থকা নাই। ৰান্ধিবলৈও বহু সময় লাগিব। ইয়াৰ ফলত গেছ অপচয় হ’ব। বাৰ্নাৰ লেতেৰা হ’লে এনে হয়। কুহুমীয়া পানীত কিছু সময় তিয়াই থৈ আপনি এখন বাৰ্নাৰেৰে ঘঁহি দিব পাৰে। যদি ইয়াৰ পাছতো সমস্যা সমাধান নহয় তেন্তে বিশেষজ্ঞ কৰ্মচাৰীৰে যোগাযোগ কৰক ৷
৩) পাত্ৰ ঢাকি ৰান্ধিবলৈ চেষ্টা কৰক। যিকোনো ঢাকনি থকা পাত্ৰত ৰন্ধা-বঢ়া কৰিলেও বহু গেছ ৰাহি হয়। লগতে সাধাৰণ পাত্ৰৰ পৰিৱৰ্তে যিমান পাৰি প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে। গেছৰ অপচয় কম হ’ব। গেছৰ অপচয় কম কৰিবলৈ প্ৰেচাৰ কুকাৰতকৈ ভাল একোৱেই নহয়।
৪) ৰন্ধাৰ আগতে সকলো সামগ্ৰী প্ৰস্তুত কৰি লওক। মছলা খুন্দি লোৱাৰ পৰা আৰম্ভ কৰি শাক-পাচলি কটালৈকে সকলো কাম আগতীয়াকৈ কৰক ৷ যাৰ ফলত সময় আৰু গেছ দুয়োটা ৰাহি হয়। লগতে ৰন্ধা-বঢ়াত সঠিক পৰিমাণৰ পানী ব্যৱহাৰ কৰিবলৈ শিকক ৷
৫) ৰন্ধা-বঢ়া কৰা বাচনৰ তলভাগ পৰিষ্কাৰ হব লাগে। -পাত্ৰৰ তলত যদি লেতেৰা থাকে, তেন্তে তাপ বেছিকৈ লাগে আৰু গেছৰ অপচয় হয় ৷ লগতে ৰন্ধন পাত্ৰ শুকান হোৱাটোও নিশ্চিত কৰক। পাত্ৰটো ভিজি থাকিলেও তাপৰ অপচয় হয়।
৬)আঞ্জাত ব্যৱহাৰ কৰা পানী বৈদ্যুতিক কেটলিত পৃথকে গৰম কৰিব পাৰে। ৰন্ধা-বঢ়াৰ বাবে গৰম পানীয়ে সোনকালে ৰন্ধাৰ লগতে গেছ ৰাহি কৰিব। ইয়াৰ বাহিৰেও চাহৰ পানী বা গৰম পানীৰ বাবে পাৰিলে ইলেক্ট্ৰিক কেটলি ব্যৱহাৰ কৰক। গেছৰ খৰচতকৈ বিদ্যুতৰ খৰচ কম ৷
৭)ঘৰত মাইক্ৰৱেভ থাকিলে খাদ্য গৰম কৰিবলৈ অতিৰিক্ত গেছ খৰচ নকৰিব। ইয়াৰ উপৰিও আলু মাইক্ৰৱেভত ৰান্ধিব পাৰে। যদি আপুনি কেক বনাবলৈ ভাল পায় তেন্তে মাইক্ৰৱেভত কেনেকৈ বনাব লাগে শিকিব। কাৰণ এটা কেক বনাবলৈ গেছত চল্লিশ-পঞ্চাশ মিনিটৰ প্ৰয়োজন হয় ৷ ইয়াৰ বাবে যথেষ্ট গেছ ব্যয় হয় ৷