কলম্বিয়া চৰকাৰে নিহত ড্ৰাগছ মাফিয়া পাবলো এস্কোবাৰৰ ব্যক্তিগত চিৰিয়াখানাৰ পৰা জলহস্তীৰ জাকটো ভাৰত আৰু মেক্সিকোলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছে। ১৯৮০ চনত কলম্বিয়াৰ ড্ৰাগছ সাম্ৰাজ্যৰ মুৰব্বী এস্কোবাৰে নিজৰ ব্যক্তিগত চিৰিয়াখানাৰ বাবে আফ্ৰিকাৰ পৰা চাৰিটা জলহস্তী আনিছিল। ১৯৯৩ চনত আমেৰিকা আৰু কলম্বিয়াৰ বাহিনীৰ যৌথ আক্ৰমণত তেওঁ নিহত হয়। ইয়াৰ পিছতে মেডেলিন চহৰৰ বাহিৰৰ ব্যক্তিগত চিৰিয়াখানাৰ পৰা জীৱ-জন্তুবোৰ আঁতৰাই আনিছিল যদিও চাৰিটা জলস্তীয়ে ওচৰৰ জলাশয়ত আশ্ৰয় লয়।
যোৱা তিনিটা দশকত ইয়াৰ সংখ্যা ৭৫টা লৈ বৃদ্ধি পাইছে। কলম্বিয়াৰ মূল নদী মাগডেলিনাৰ অৱবাহিকাৰ প্ৰায় ২০০ কিলোমিটাৰ অংশ বৰ্তমান এই জলহস্তীৰ বাসস্থল হৈ পৰিছে ৷ জলস্তীৰ আক্ৰমণত স্থানীয় গাঁৱৰ কেইবাটাও গৰু মৃত্যুমুখত পৰে। আনকি স্থানীয় লোককো আক্ৰমণ কৰি আহিছে জলহস্তীয়ে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কিছুমান জলহস্তীক গুলীয়াই হত্যা কৰিবলগীয়া হৈছিল।
আফ্ৰিকাৰ বাহিৰত পৃথিৱীৰ আন কোনো ঠাই নাই য’ত ইমান বৃহৎ পৰিমাণৰ জলহস্তী আছে। পৰিৱেশবিদসকলৰ মতে এনেদৰে চলি থাকিলে স্থানীয় পৰিৱেশ তন্ত্ৰৰ গুৰুতৰ ক্ষতি হ’ব। এনে পৰিস্থিতিত কলম্বিয়াৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ে জলহস্তী ভাৰত আৰু মেক্সিকোলৈ স্থানান্তৰ কৰিব বিচাৰিছে। সেই দেশৰ সংবাদ মাধ্যমে কয় যে দুয়োখন দেশৰ সৈতে এই বিষয়ত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৷