কৰ্মক্ষেত্ৰত জটিলতা, ব্যক্তিগত সম্পৰ্কত সমস্যা , ব্যস্ততা — এই কাৰণে মানসিক উদ্বেগ বৃদ্ধি কৰে। দিনক দিনে জীৱনটো গতিশীল হোৱাৰ লগে লগে উদ্বিগ্নতাৰ ডাৱৰে মনটোক গ্ৰাস কৰি আছে। এই মানসিক উদ্বেগে কাম লেহেমীয়া কৰে আৰু অস্থিৰতাৰ সৃষ্টি কৰে। বহু লোকৰ উদ্বিগ্নতাৰ সমস্যা হয়। তেনে ক্ষেত্ৰত কিছুমান বিশেষ খাদ্য গ্ৰহণ কৰিলেএই সমস্যা আৰু বেছি ভয়াৱহ হৈ উঠিব পাৰে ৷ চিকিৎসকৰ মতে খাদ্য আৰু উদ্বেগৰ মাজত সম্পৰ্ক আছে। কিছুমান বিশেষ খাদ্য আছে যিবোৰ নিয়মিতভাৱে খালে উদ্বেগ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। কিছুমান খাদ্যও আছে, যিবোৰ খালে উদ্বেগৰ মাত্ৰা দুগুণ বৃদ্ধি পাব পাৰে। কি কি খাদ্য পৰিহাৰ কৰিব লাগে জানেনে !
মিঠাজাতীয় খাদ্য
কিছুমান মানুহৰ ক্ষেত্ৰত মিঠাই খালে বেয়া মেজাজ নোহোৱা হৈ যায়। কিন্তু চিকিৎসকে কয যে, ই ব্যক্তিগত মতামত হ’ব পাৰে। কিন্তু কেক, পেষ্ট্ৰি আদিৰ দৰে খাদ্য খালে তেজত শর্কৰাৰ মাত্ৰা বৃদ্ধি পায়। শর্কাৰাৰ মাত্ৰা উঠা-নমা হোৱাৰ লগে লগে উদ্বেগও নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। গতিকে যিসকলৰ উদ্বেগৰ সমস্যা আছে তেওঁলোকৰ বাবে এনে খাদ্য পৰিহাৰ কৰাটো গুৰুত্বপূৰ্ণ।
কফি
গোটেই দিনটোৰ ভাগৰ দূৰ কৰিবলৈ কফি খোৱা বহুতৰে অভ্যাস ৷ কিন্তু এই কফিয়ে উদ্বেগৰ সমস্যা বৃদ্ধি কৰিব পাৰে। কাৰণ কফিত থকা কেফেইনে স্নায়ুতন্ত্ৰক শিথিল কৰে। লগতে কেফেইনে ৰক্তচাপৰ মাত্ৰা বৃদ্ধি কৰে। মানসিক উদ্বেগৰ অন্যতম প্ৰধান কাৰণ উচ্চ ৰক্তচাপ। কেৱল কেফেইনৰ পৰিমাণেই ক্ষতিকাৰক নহয়। দিনটোত ৪০০মিলিগ্ৰাম কেফেইন খালে সমস্যা নহয় ৷ ইয়াতকৈ বেছি পৰিমানে সেৱন কৰিলে উদ্বিগ্নতা বৃদ্ধি পাব পাৰে।
গ্ৰীল কৰা খাদ্য
এনে খাদ্যত ট্ৰেন্স ফেট বেছি থাকে। ইয়াৰ চৰ্বি উদ্বিগ্নতা বৃদ্ধিৰ অন্যতম কাৰণ। গতিকে যদি উদ্বেগে সকলো সময়তে আমনি কৰি থাকে, তেন্তে বাহিৰত গ্ৰীল কৰা খাদ্য পৰিহাৰ এৰক। এই খাদ্যসমূহে উদ্বেগৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।