কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ শ্ৰীগংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি জ্বৰত আক্ৰান্ত হোৱাৰ বাবে তেওঁক বৃহস্পতিবাৰে ভৰ্তি কৰোৱা হৈছিল।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ছোনিয়া গান্ধীৰ অৱস্থা বর্তমান সুস্থিৰ। অৱশ্যে তেওঁৰ কিছু শাৰীৰিক পৰীক্ষাও কৰা হৈছে। ছোনিয়াৰ অৱস্থা নিৰীক্ষণৰ বাবে গঠন কৰা হৈছে চিকিৎসকৰ দল।
চলিত বৰ্ষৰ জানুৱাৰী মাহত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ বাবে ছোনিয়াক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে কংগ্ৰেছৰ শীর্ষ নেত্ৰী গৰাকী।