জ্বৰ, চর্দি, কাহৰ সমস্যা ঋতুৰ সলনিৰ লগে লগে হোৱা দেখা যায় ৷ কিন্তু এই বছৰ বৰষুণৰ অভাৱ, ঢুলিৰ মাত্ৰা বেছি আদি বৃদ্ধি হোৱাৰ লগে লগে চর্দি -কাহত ভোগা ৰোগীৰ সংখ্যা অলপ বেছি। প্ৰতিখন ঘৰতে জ্বৰ, চর্দিৰ প্ৰাদুৰ্ভাৱ। এই জ্বৰ আৰু চর্দিত ভোগা বহু লোক এতিয়া ‘ভাইৰেল জ্বৰ’ত আক্ৰান্ত হোৱা বুলি গণ্য কৰা হৈছে। কেতিয়াবা দীর্ঘদিন জ্বৰ- কাহত আক্ৰান্ত হোৱাৰ পাছতো সুস্থ হোৱাৰ লক্ষণ নেদেখায় ৷ যাৰ ফলত সমস্যা দিনকদিনে বাঢ়ি যায় ৷
ঋতু পৰিৱৰ্তনৰ বাবে জ্বৰ, চর্দি- কাহৰ সমস্যাবোৰ যথেষ্ট সংক্ৰামক। পৰাপক্ষত মানুহে ভিৰ কৰা স্থান পৰিহাৰ কৰক ৷ হাঁচি, কাহৰ সমস্যাত ভুগি থকা লোকৰ পৰা কিছু দূৰত্ব বজাই ৰাখক। মাস্কখন পৰিধান কৰক ৷ এই সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।
ভাইৰাছজনিত জ্বৰৰ লক্ষণসমূহ কি কি?
কিছুমান লক্ষণে দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক -৷এই লক্ষণসমূহৰ এটা দেখা যায় – ডিঙিৰ বিষ, মূৰৰ বিষ, উশাহ লোৱাত কষ্ট, কাহ। চিকিৎসকৰ পৰামর্ষ নল’লে আপুনি অধিক সমস্যাত ভুগিব পাৰে ৷
আপুনি কি কৰিব
যথেষ্ট পানী খাব লাগে। চূপ, ফলৰ ৰস আদিও খাব পাৰি।
হাঁচি বা কাহৰ সময়ত দুহাতেৰে মুখখন ঢাকি লওক। যাতে ই বাহিৰত বিয়পিব নোৱাৰে। প্ৰয়োজন হ’লে মাস্ক পিন্ধি থাকক।
এয়াৰ -কণ্ডিচনাৰ বা ফেনৰ ব্যৱহাৰ এৰক। নতুনকৈ যাতে ঠাণ্ডা অনুভৱ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক ৷
স্বাস্থ্যকৰ খাদ্য খাওক। ফল-মূল, শাক-পাচলি দৈনিক খাদ্যৰ তালিকাত ৰাখক। এই সময়ত বাহিৰৰ খাদ্য পৰিহাৰ কৰক।
কি কৰিব নালাগে
নিজে সিদ্ধান্ত লৈ ভুলতেও এন্টিবায়টিক নাখাব ৷ কেৱল এন্টিবায়টিকেই নহয়, চিকিৎসকক দেখুৱাই নোলোৱাকৈ কোনো ঔষধ গ্ৰহণ কৰিব ৷
মদ্যপান কৰাৰ পৰা বিৰত থাকক। কাৰণ এই ধৰণৰ পানীয়ই আপোনাৰ ৰোগ বৃদ্ধি কৰিব পাৰে। একে সময়তে শৰীৰটো অত্যধিক আৰ্দ্ৰ হৈ পৰিব পাৰে।
শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ’লে ধূমপানৰ পৰা বিৰত থাকক। ইয়াৰ ফলত সমস্যাটো বৃদ্ধি পাব পাৰে।