ভুৱা বাতৰিৰ যুগত সত্যক দমন কৰা হৈছে। মিথ্যাচাৰৰ বলি হৈছে ৷ শুকুৰবাৰে আমেৰিকান বাৰ এছ’চিয়েশ্যনে আয়োজন কৰা এখন সন্মিলনত ভাষণ দি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এনে মন্তব্য কৰে। ইয়াৰ উপৰিও চন্দ্ৰচূড়ে পৰ্যবেক্ষণ কৰে যে মানুহৰ মাজত ধৈৰ্য্য আৰু সহনশীলতা হ্ৰাস পোৱাৰ বাবে মানুহে একাধিক সমস্যাৰ সন্মুখীন হৈছে। তেওঁৰ মতে , “ভুৱা বাতৰিৰ যুগত সত্যৰ বলি হৈছে। ছ’চিয়েল মিডিয়াৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে বীজ গজিব পাৰে যিয়ে বহুত ক্ষতি কৰিব পাৰে।”
দুখ প্ৰকাশ কৰি চন্দ্ৰচুড়ে কয় যে মানুহৰ মাজত সহনশীলতাৰ অভাৱ আধুনিক যুগৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। মুখ্য ন্যায়াধীশগৰাকীৰ মতে, ইজনে সিজনক ঠাট্টা কৰাটোও দেশৰ এক গভীৰ সমস্যাত পৰিণত হৈছে। আনকি বিচাৰকসকলো ইয়াৰ পৰা ৰেহাই পোৱা নাযায়।
তেওঁ কয়, ‘আমি এনে যুগত বাস কৰিছো য’ত মানুহৰ ধৈৰ্য্য আৰু সহনশীলতা কম। মানুহক ঠাট্টা-মস্কৰা কৰাৰ, তুচ্ছ-তাচ্ছিল্য কৰাৰ প্ৰৱণতা আছে। বিচাৰকসকলকো ঠাট্টা কৰা হয়।“ তেওঁ কয় যে ছ’চিয়েল মিডিয়াত বিশেষকৈ বিশ্বৰ সৰ্ববৃহৎ মাইক্ৰ’ব্লগিং ৱেবছাইট টুইটাৰত ট্ৰ’লিঙৰ সমস্যা আটাইতকৈ ডাঙৰ। ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলেও যিকোনো ব্যক্তিয়েই আনৰ বাবে কৌতুক হৈ পৰিব পাৰে।
কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো ট্ৰলিঙক লৈ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ ফলত হোৱা ক্ষতিৰ কথাও উচ্চতম ন্যায়ালয়ত কেইবাবাৰো আহিছে। ন্যায়াধীশ চন্দ্ৰচুড়ে এই কথাও পৰ্যবেক্ষণ কৰে যে আজিকালি মানুহে ইজনে সিজনৰ মতামত আৰু দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ অনিচ্ছুক। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দাবী কৰিছে যে প্ৰযুক্তি আৰু ইয়াৰ ব্যৱহাৰ ‘নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা’ বাবে সমাজ বিপদত পৰিছে।