পুৰণি ঘৰ খনন কৰি মাটিৰ তলৰ পৰা ধন বিচাৰি উলিওৱাটো নতুন কথা নহয়। কিন্তু এইবাৰ ৯০ বছৰ পুৰণি এটা বাসগৃহৰ বাথৰুমৰ মজিয়া খান্দি থাকোঁতে কেডবেৰী চকলেটৰ বাকচ উদ্ধাৰক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ যিটো দেখি ঘৰৰ মালিকো আশ্চর্যন্বিত হৈ পৰিছে ৷
নিউয়ৰ্কৰ বাসিন্দা এমা ইয়ঙে নিজৰ ঘৰৰ মেৰামতি কৰাৰ পৰিকল্পনা কৰিছিল ৷ ১৯৩০ চনত নিৰ্মাণ কৰা হৈছিল এই ঘৰটো। ঘৰটোৰ বয়স প্ৰায় ৯০ বছৰ। স্বাভাৱিকতে ঘৰখন বসবাস কৰিব নোৱাৰা হৈ পৰিছে। সেইবাবেই খৰখেদাকৈ তেওঁ মেৰামতিৰ কাম আৰম্ভ কৰিলে। বাকী ঘৰৰ মেৰামতিৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিল। পুৰণি শৌচাগাৰ ভাঙি নতুন বাথৰুম নিৰ্মাণৰ কাম চলি আছিল। শৌচাগাৰৰ মজিয়া খান্দিলে চকলেটৰ বাকচটো উদ্ধাৰ কৰা হয় ৷ ইমান পুৰণি ঘৰৰ তলত চকলেট কেনেকৈ আহিল সেয়া সঁচাকৈয়ে আচৰিত কথা।
এমাই চকলেটৰ বাকচটো লৈ চকলেট কোম্পানীটোৰ লগত যোগাযোগ কৰিলে। চকলেট ৰেপাৰত লিখা বাকী তথ্যখিনি দিয়াৰ পিছত তেওঁক কোম্পানীটোৱে জনাইছিল যে চকলেটটো ১৯৩০-১৯৩৪ চনৰ বুলি সদৰী কৰে ।
এমাৰ মাকে চকলেট খাবলৈ বৰ ভাল পাইছিল। বিয়াৰ পিছত মাকে প্ৰতিদিনে এটাকৈ চকলেট খাইছিল। অৱশ্যে এমাই এই সকলোবোৰ পিছত ঘৰৰ আন সদস্যৰ পৰা গম পায় ৷ এমাৰ মাকে চকলেটটো ক’ত লুকুৱাই ৰাখিছিল কোনেও গম পোৱা নাছিল। ইমান বছৰৰ পাছত এমাই ভাবে যে মাকৰ চকলেট লুকুৱাই ৰখাৰ ৰহস্য অৱশেষত পোহৰলৈ আহিছে।