শেহতীয়াকৈ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিনা ৰাব্বানী খাৰে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই তেওঁলোকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। শুকুৰবাৰে ৰাষ্ট্ৰসংঘত ‘উত্তৰৰ অধিকাৰ’ প্ৰয়োগ কৰি ভাৰতে ইয়াৰ কঠোৰ উত্তৰ দিয়ে।
নাম প্ৰকাশ নকৰা ভিডিঅ’ বাৰ্তাত হিনাই বৃহস্পতিবাৰে ভাৰতলৈ আঙুলিয়াই দি দাবী কৰে যে ভাৰতত বৃহৎ পৰিমাণৰ গতানুগতিক আৰু অগতানুগতিক অস্ত্ৰ যোগান ধৰা হৈছে। যাৰ বাবে সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ স্থিতিশীলতা বিঘ্নিত হৈ পৰিছে। তেওঁৰ দেশৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। একে সময়তে ইছলামবাগত ৰাষ্ট্ৰসংঘৰ উচ্চ পৰ্যায়ৰ পেনেলৰ সন্মুখত বহি হিনাই লগতে কয় , “দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ ডাঙৰ এই দেশখনে নীতি ভংগ কৰি বাৰে বাৰে পাৰমাণৱিক অস্ত্ৰৰ ফালে ঢাল খাইছে ৷”
ভাৰতৰ প্ৰতিনিধি সীমা পূজনীয়ে ৰাষ্ট্ৰসংঘত থিয় দি এই বাৰ্তাৰ তীব্ৰ উত্তৰ দিয়ে ৷ তেওঁ কয় যে যি সময়ত নিজৰ দেশৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকা চৰম সংকটত পৰিছে, তাক লৈ মূৰ নঘমায় ভাৰতৰ লগত আমনি নকৰাকৈয়ে খোজ মিলাই চলিলেই বুজা যায় যে পাকিস্তান ভাৰতৰ পিছত পৰি থকা কার্যই প্ৰমাণ কৰিছে যে ভাৰতৰ প্ৰতি তেওঁলোকৰ কিমান আক্ৰোশ ৷সংশ্লিষ্ট নেতৃত্বলৈ মোৰ পৰামৰ্শ হ’ল এনে ভিত্তিহীন অপপ্ৰচাৰ বন্ধ কৰি তাৰ পৰিৱৰ্তে নিজৰ নাগৰিকৰ সমস্যা সমাধান কৰাৰ কথা চিন্তা কৰক।“
একে সময়তে ভাৰতেও জম্মু-কাশ্মীৰ সন্দৰ্ভত তুৰস্ক আৰু অৰ্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেশ্যন বা (অ’আইচি)ৰ প্ৰতিনিধিয়ে কৰা মন্তব্যক লৈ ক্ষোভ প্ৰকাশ কৰে। এই প্ৰসংগত সীমাই কয়, “অ’আইচিয়ে জম্মু-কাশ্মীৰক লৈ কৰা অনাকাংক্ষিত মন্তব্যক আমি আওকাণ কৰিলোঁ। জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অংশ আছিল, আছে আৰু সদায় থাকিব। বৰঞ্চ পাকিস্তানে অবৈধভাৱে ভাৰতৰ ভূখণ্ড দখল কৰিছে।“