অৱশেষত তিহাৰ কাৰাগাৰৰ অতিথি হ’ল দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়া ৷ কাৰাগাৰৰ ভিতৰতে সুকীয়া ‘মেডিটেচন চেল’ত ৰখাৰ বাবে তেওঁ আৱেদন কৰিছিল। আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা মনীষ ছিছোডিয়াৰ আৱেদন বিবেচনা কৰিবলৈ সোমবাৰে দিল্লীৰ বিশেষ চিবিআই আদালতে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে।
তদুপৰি ন্যায়াধীশ এম কে নাগপালে ধ্যান-ধাৰণাৰ সুবিধাৰ্থে ছিছ’দিয়াক ভাগৱত লৈ জেললৈ যাবলৈ অনুমতি দিছিল। লগতে আদেশত উল্লেখ কৰা হৈছে যে দিল্লীৰ বিধায়কগৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ মতে প্ৰয়োজনীয় ঔষধ, ডায়েৰী আৰু কলম ৰাখিব পাৰিব। ছিছ’ডিয়াৰ হৈ তেওঁৰ অধিবক্তাই ইতিমধ্যে জামিনৰ বাবে আবেদন কৰিছে ৷ অহা শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।
চিবিআইয়ে জিম্মাৰ বাবে আৱেদন নকৰাৰ বাবে ন্যায়াধীশ নাগপালে ছিছ’দিয়াক ২০ মাৰ্চলৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ দিয়ে। প্ৰসংগক্ৰমে আবকাৰী দুৰ্নীতিৰ গোচৰত জড়িত থকাৰ বাবে প্ৰায় ৯ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত যোৱা দেওবাৰে (২৬ ফেব্ৰুৱাৰী) চিবিআইয়ে ছিছোডিয়াক গ্ৰেপ্তাৰ কৰে। সোমবাৰে (২৭ ফেব্ৰুৱাৰী) দিল্লীৰ ৰাউজ এভিনিউত চিবিআইৰ বিশেষ আদালতত তেওঁক হাজিৰ কৰোৱাৰ সময়ত ন্যায়াধীশে ৫ দিনৰ চিবিআই জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।
জিম্মাৰ সময়সীমা শেষ হোৱাৰ লগে লগে যোৱা শনিবাৰে তেওঁক আদালতত হাজিৰ কৰা হয়। শুনানিৰ সময়ত চিবিআইয়ে অভিযোগ কৰে যে ছিছোডিয়াই তদন্তত সহযোগ কৰা নাই। চিবিআইয়ে তেওঁক আৰু ৩ দিনৰ বাবে জিম্মাত ল’বলৈ অনুৰোধ জনায়। এই আবেদনৰ অন্তত ন্যায়াধীশে অৰবিন্দ কেজৰিৱালৰ প্ৰাক্তন সহযোগী গৰাকীক ২ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে।