ৰেলৰ একেবাৰে শেষৰ ডবাটোৰ পিছফালে ইংৰাজী এক্স (‘X’) আখৰটো লিখা থকা সকলোৱে দেখি আহিছে । বিশেষকৈ দীৰ্ঘ দূৰত্বৰ ৰে’লত এই চিন দেখা যায় । এই চিহ্ণৰ বিষয়ে তীৰ্থযাত্ৰী আৰু সাধাৰণ মানুহৰ মাজত ভিন্ন মতামত আছে। ইয়াৰ কাৰণ আমাৰ বহুতেই হয়তো জানে। অৱশ্যে এইবাৰ ভাৰতীয় ৰেলৱেই নিজেই এই চিনটো কিয় অংকন কৰা হয় তাৰ তথ্য সদৰী কৰিছে ৷ যাৰ দ্বাৰা সাধাৰণ মানুহৰ কৌতুহল দূৰ হৈছে ৷
সেই ‘এক্স’ চিহ্নটো কিয়? এই সন্দৰ্ভত ৰে’ল মন্ত্ৰালয়ে টুইট কৰি কাৰণ ব্যাখ্যা কৰিছে। হালধীয়া ৰঙেৰে ৰং কৰা ‘এক্স’ চিনটোৰ আচলতে অৰ্থ হ’ল ৰে’লখনে কোনো ডবা এৰি যোৱা নাই। অৰ্থাৎ ৰেলখনত যিমানবোৰ ডবা আছিল, সকলো ডবা ঠিকেই আছে। আৰু সেই চিনটো দেখি সংশ্লিষ্ট বিষয়াসকলে নিশ্চিত হয় যে ৰে’লখনে সকলো ডবা লৈ ষ্টেচনৰ পৰা ওলাই গৈছে।
কেৱল ‘এক্স’ চিনটো নহয়। কেতিয়াবা ৰেলখনৰ শেষৰ ডবাটো ইংৰাজী আখৰেৰে ‘LV’ বুলি লিখা থাকে। যাৰ সম্পূৰ্ণ অৰ্থ হৈছে ‘শেষ বাহন’। অৰ্থাৎ ইয়াৰ অৰ্থ হ’ল এই ডবাটো ৰে’লৰ শেষৰ ডবা। ৰে’ল মন্ত্ৰালয়ৰ এই টুইটটো পোহৰলৈ অহাৰ পিছতে ২ লাখৰো অধিক ভিউ লাভ কৰে।
কেইবাজনো টুইটাৰ ব্যৱহাৰকাৰীয়েও এই ‘এক্স’ আৰু ‘এলভি’ চিম্বল সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। তেওঁলোকৰ এজনে ক’লে, “এল ভি লিখাটো দিনত দেখা যায়, কিন্তু ৰাতি ৰে’লৰ শেষৰ ডবাটোত ৰঙা লাইট এটা লগাই দিয়া হয় যাতে এই ‘এল ভি’টো বুজা যায়, যিটো অন আৰু অফ হয়। আৰু সেইটো দেখি বুজিব পাৰি যে এইটো ৰেলখনৰ শেষৰ ডবা।” যদিও ৰে’লৰ ডবাটোৰ শেষত থকা ‘এক্স’ চিহ্নটোক লৈ বহু যুক্তি আৰু মতামত প্ৰকাশ পাইছে, তথাপিও ৰে’লৱে যাত্ৰী আৰু সাধাৰণ জনতাৰ মাজত বছৰজোৰা কৌতুহল আঁতৰাই পেলাইছে।