বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক জেৰা কৰিবলৈ দিল্লীৰ কন্যাৰ ঘৰত আজি উপস্থিত হয় চিবিআই। বৰ্তমান লালু আৰজেডিৰ সাংসদ মিছা ভাৰতীৰ ঘৰত থাকে। ইয়াতেই চাকৰিৰ বিনিময়ত ভুমি উৎকোচ হিচাপে লোৱা গোচৰত তেওঁক জেৰা কৰা হয় ৷ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই সোমবাৰে লালু প্ৰসাদ যাদৱৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীকো জেৰা কৰে।
মাত্ৰ দুদিন পূৰ্বে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিজেপিৰ কেইবাগৰাকীও ৰাজ্যিক মুখ্যমন্ত্ৰী আৰু বিৰোধী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনৰ জৰিয়তে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক বিৰোধীৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷অনিয়মত লিপ্ত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো বিজেপিত যোগদান কৰা নেতাসকলৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৪৮ ঘন্টাৰ ভিতৰতে চিবিআইয়ে দিল্লীৰ ঘৰত উপস্থিত হৈ তেজস্বীৰ পিতৃ লালুক জেৰা কৰে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত অন্যতম আছিল তেজস্বী যাদৱো।
সূত্ৰ অনুসৰি চিবিআইয়ে ১৪ বছৰীয়া চাকৰিৰ বিনিময়ত মাটি লোৱাৰ গোচৰত লালুক সোধা-পোছা কৰি কিছু নিৰ্দিষ্ট তথ্য লাভ কৰিব বিচাৰিছে। চিবিআইৰ সূত্ৰ অনুসৰি এই গোচৰত লালু প্ৰসাদ যাদৱলৈও চমন প্ৰেৰণ কৰা হৈছিল। সেই উদ্দেশ্যে দৌলৰ ৰাতিপুৱা দিল্লীৰ লালুৰ কন্যা মিছাৰ ঘৰত চিবিআই হাজিৰ হয়। বিদেশত অস্ত্ৰোপচাৰৰ পৰা উভতি অহাৰ পিছৰে পৰা দিল্লীত থকা কন্যাৰ ঘৰত আছে লালু প্ৰসাদ যাদৱ । তাৰ বাবে মিছাৰ ঘৰত লালুক জেৰাও কৰিব বিচাৰিছে তদন্তকাৰীয়ে। যোৱা সোমবাৰে তেওঁৰ পত্নী ৰাবৰি দেৱীক পাটনাৰ বাসগৃহত কেন্দ্ৰীয় সংস্থাটোৱে জেৰা কৰিছিল।