মাজআকাশতে এগৰাকী যাত্ৰীয়ে বিমানৰ জৰুৰীকালীন দুৱাৰ খুলিবলৈ চেষ্টা কৰাক লৈ আমেৰিকাত চাঞ্চল্যে সৃষ্টি হৈছে ৷ । অভিযোগ অনুসৰি, তেওঁ এয়াৰমেনজনকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। বিমানৰ পৰা নমাই তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়।
এই ঘটনা সংঘটিত হৈছে ইউনাইটেড এয়াৰলাইন্সৰ এখন বিমান। লছ এঞ্জেলছৰ পৰা ব’ষ্টনলৈ উৰা মাৰিছিল বিমানখন। তাত আছিল এজন ৩৩ বছৰীয়া যুৱক। তেওঁ মেছাচুচেটছৰ বাসিন্দা। অভিযোগ অনুসৰি হঠাতে তেওঁ জৰুৰীকালীন দুৱাৰখন মাজআকাশতে খুলিবলৈ চেষ্টা কৰিছিল। বষ্টনলৈ যোৱা বিমানখন অৱতৰণ কৰিবলৈ তিতিয়াও ৪৫ মিনিট সময় আছিল। ককপিটত বিমান পৰিচাৰকসকলে জৰুৰীকালীন দুৱাৰ এখন খোলাৰ সতৰ্কবাণী লাভ কৰে।
এজন এয়াৰমেনে পৰিস্থিতিৰ বুজ ল’বলৈ দুৱাৰমুখলৈ ওলাই আহি ইমাৰজেন্সী দুৱাৰখন খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা দেখিবলৈ পায় ৷। আগৰ দৰেই আকৌ দুৱাৰখন বন্ধ কৰি পাইলট আৰু বাকী ক্ৰুসকলক খবৰ দিলে। সেই সময়ত আন কিছুমান যাত্ৰীয়ে কয় যে তেওঁলোকে যুৱকজনক দুৱাৰৰ সন্মুখত ঘূৰি ফুৰা দেখিছিল। তেওঁ এই কাম কৰা বুলি ধাৰণা কৰা হৈছে। তেওঁক সোধা-পোছা কৰাত যুৱকজনে বিমান পৰিচাৰিকাৰ সৈতে কাজিয়াত লিপ্ত হয়।
ইয়াৰ মাজতে এজন এয়াৰমেনক চোকা অস্ত্ৰৰে যুৱকজনে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । চামুচেৰে তেওঁ এয়াৰমেনজনৰ ডিঙিত তিনিবাৰকৈ আঘাত কৰে। লগে লগে বিমানখনৰ আন যাত্ৰীসকলে যুৱকজনক ধৰি ৰাখে । বষ্টন বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত লগে লগে তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।
আমেৰিকাৰ আইন অনুসৰি বিমানৰ দুৱাৰ খুলি বিমান পৰিচাৰিকাক আক্ৰমণ কৰাৰ অপৰাধত যুৱকজনক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। জৰিমনাও দিব লাগিব যুৱকজনে।