বাংলাদেশৰ ৰাজধানী ঢাকাৰ হৃদপিণ্ড গুলিস্তানত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। মঙলবাৰে বিয়লি বাংলাদেশ পথ পৰিবহণ নিগমৰ বাছ কাউণ্টাৰৰ সমীপত এক বিস্ফোৰণ সংঘটিত হয়। কমেও ১৫ জন লোকৰ মৃত্যু হৈছে। শতাধিক লোক এই বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছে ৷
আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক। ফলত মৃতকৰ সংখ্যা আৰু বেছি দিন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘটনাৰ পাছতে বাংলাদেশ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বিস্ফোৰণস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে। আহতসকলক ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়।
বাংলাদেশ অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি বি আৰ টি চিৰ বাছ কাউণ্টাৰৰ সমীপৰ ছিদ্দিকবজাৰত বিয়লি ৪:৫০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। আৰক্ষীৰ মতে, বিস্ফোৰণৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
ঢাকা আৰক্ষীৰ এক সূত্ৰ অনুসৰি বি আৰ টি চিৰ বাছ কাউণ্টাৰৰ কাষতে থকা ৭ মহলীয়া অট্টালিকাৰ তলৰ মহলাত বিস্ফোৰক ৰখা হৈছিল। বিস্ফোৰণৰ তীব্ৰতা দেখি প্ৰথমে ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলি ধাৰণা কৰা হৈছে। কাকতলীয়াকৈ ২০১৬ চনৰ জুলাই মাহত ঢাকাৰ গুলছান অঞ্চলৰ হলি আৰ্টিছান বেকাৰীত উগ্ৰ ইছলামিক উগ্ৰপন্থীয়ে আক্ৰমণ চলাই ২২ জন লোকক হত্যা কৰিছিল।