সকলোৰে বুদ্ধিমত্তা সমান নহয়। কিছুমান জন্মগত ভাৱেই বুদ্ধিমান হয় আৰু কিছুমান অনুশীলনৰ মাধ্যমেৰে বুদ্ধিমান হয়। কিছুমান অভ্যাসক যদি জীৱন-যাপনত অন্তৰ্ভূক্ত কৰিব পাৰি তেনেহ’লে বুদ্ধিৰ পৰিমাণ বাঢ়ি যাব। এনে সহজ অভ্যাস যিয়ে বুদ্ধিৰ স্তৰ বৃদ্ধি কৰিব পাৰে জাঁনো আহক সেই বিষয়ে—-
১) নিয়মিত পঢ়া-শুনা :-
নিয়মিত ভাৱে পঢ়া-শুনা কৰিলে শব্দ ভাণ্ডাৰ আৰু জ্ঞান বৃদ্ধি হয়। পঢ়াৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে নতুন চিন্তা-ধাৰা আৰু দৃষ্টি ভংগীৰ সৈতে পৰিচয় কৰাই দিয়ে। চিন্তা শক্তি বৃদ্ধি কৰাৰ লগতে সৃজনশীল চিন্তা ভাৱনাক সজাগ কৰি তোলে।
২) নিয়মিত ব্যায়াম কৰা :-
নিয়মিত ভাৱে ব্যায়াম কৰিলে শৰীৰ সুস্থ থকাৰ দৰে মানসিক স্বাস্থ্যও মজবুত হৈ থাকে। নিয়মিত ব্যায়াম কৰিলে মগজুৰ তেজৰ চলাচল বৃদ্ধি হয় আৰু মগজুৰ কৰ্মক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে ব্যায়াম কৰাৰ ফলত উদ্বেগ হ্ৰাস হোৱাৰ লগতে চিন্তা কৰাৰ ক্ষমতাও উন্নত কৰে।
৩) যথেষ্ট টোপনিৰ প্ৰয়োজন :-
মগজুক সুস্থ ৰাখিবলৈ হ’লে যথেষ্ট পৰিমাণে টোপনিৰ প্ৰয়োজন হয়। ভাল টোপনিয়ে মগজুক শিথিল কৰাৰ লগতে শৰীৰক চাপ-মুক্ত কৰাত সহায় কৰে।
৪) কৌতুহলী মন :-
মনৰ মাজত যদি কৌতুহল নাথাকে বুদ্ধিৰ বিকাশ হোৱাত কঠিন হৈ পৰে। স্বাভাৱিক ভাৱে মনত যদি কৌতুহল সৃষ্টি নহয় তেনেহ’লে অনুশীলন কৰা উচিত যাতে নতুন ধাৰণা অন্বেষণ কৰিব পাৰে। কৌতুহল থাকিলে মন সক্ৰিয় হৈ থাকে আৰু জ্ঞানৰ ক্ষমতা উন্নত কৰাত সহায়ক হয়।
৫) মননশীলতা অনুশীলন কৰা :-
ধ্যানৰ নিচিনাকৈ মননশীলতা অনুশীলন কৰিলে মন শান্ত আৰু আনন্দত ৰখাত সহায় কৰে। ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় হয়। মননশীলতা অনুশীলনৰ যোগেদি বুদ্ধিমত্তা বৃদ্ধি হ’ব পাৰে কাৰণ মননশীলতাই মনক শান্ত কৰাৰ লগতে যি কোনো তথ্য গ্ৰহণৰ উপযোগী কৰি তোলে।