এইচ ৩এন২ ভাইৰাছৰ ফলত হোৱা ইনফ্লুৱেঞ্জাত দুজন লোকৰ মৃত্যু হোৱা বুলি আজি চৰকাৰে প্ৰকাশ কৰিছে । হাৰিয়ানাত এজন আৰু কৰ্ণাটকত আনজন লোকৰ মৃত্যু হৈছে।
কৰ্ণাটকৰ হাছানৰ এজন ৮২ বছৰীয়া ব্যক্তিয়ে দেশত এইচ ৩এন২ ৰোগত আক্ৰান্ত হৈ প্ৰথমে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, ২৪ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি হোৱা হাইৰে গৌড়াকৰ ১ মাৰ্চত মৃত্যু হয়। খবৰ অনুসৰি তেওঁ ডায়েবেটিছ ৰোগী আছিল আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত আছিল। দেশত প্ৰায় ৯০ জন এইচ ৩এন২ ভাইৰাছত আক্ৰান্ত হৈছে। এইচ ১এন১ ভাইৰাছৰ আঠজন ৰোগীও ধৰা পৰিছে।
যোৱা কেইমাহমানৰ পৰা দেশত ফ্লুৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বেছিভাগেই এইচ ৩এন২ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ যাক “হংকং ফ্লু” বুলিও কোৱা হয়। ভাৰতত এতিয়ালৈকে কেৱল এইচ ৩এন২ আৰু এইচ ১এন১ ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে।
দুয়োৰে লক্ষণ ক’ভিডৰ সৈতে মিল আছে ৷ মহামাৰীৰ দুবছৰৰ পাছত বৃদ্ধি পোৱা ফ্লুৰ সংক্রমণে মানুহৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ৷ ইয়াৰ লক্ষণসমূহ হ’ল দীর্ঘদিনলৈ কাহ, জ্বৰ, চর্দি, শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱা আদি ৷ ৰোগীয়ে বমি, ডিঙিৰ বিষ, শৰীৰৰ বিষ আৰু ডায়েৰিয়া আদি লক্ষণতো আক্ৰান্ত হ’ব পাৰে ৷ এই লক্ষণসমূহ প্ৰায় এসপ্তাহলৈকে থাকিব পাৰে।
বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছ অতি সংক্ৰামক আৰু কাহ, হাঁচি আৰু আক্ৰান্ত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে বিয়পে। চিকিৎসকে নিয়মীয়াকৈ হাত ধোৱা আৰু মাস্ক পৰিধানকে ধৰি ক’ভিড সদৃশ সাৱধানতাৰ পৰামৰ্শ দিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)-এ হাঁচি আৰু কাঁহৰ সময়ত নিজৰ মুখ আৰু নাক ঢাকি ৰখা, প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ সেৱন কৰা , চকু আৰু নাক স্পৰ্শ নকৰা, জ্বৰ আৰু শৰীৰৰ বিষৰ বাবে পেৰাচিটামল সেৱন আদিৰ বাবে পৰামর্শ দিছে ৷
দীৰ্ঘদিনীয়া চিকিৎসাজনিত সমস্যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা লোকৰ উপৰিও বয়সস্থ ড় আৰু সৰু শিশুৰ এই সংক্ৰমণ গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে ৷ শেহতীয়াকৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে চিকিৎসকসকলক এই সংক্ৰমণ বেক্টেৰিয়াজনিত নেকি সেইটো নিশ্চিত কৰাৰ পূৰ্বে ৰোগীক এন্টিবায়টিক প্ৰেছক্ৰিপচন নকৰিবলৈ আহ্বান জনাইছে ৷