গুৱাহাটী, ১০ মাৰ্চ: অসম ৰাজ্যিক মহিলা আয়োগে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত আজি গুৱাহাটীৰ বেলতলাস্থিত অসম ৰাজ্যিক মহিলা আয়োগৰ সভাকক্ষত এক বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি কৰে। আৰ্থিক বাধাৰ বাবে আইনী সাহায্য লাভ কৰিব নোৱাৰা দুৰ্দশাগ্ৰস্ত মহিলাসকলক আইনী সেৱা আৰু সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। অসম চৰকাৰৰ প্ৰধান সচিব মুকেশ চাহুৱে উদ্বোধন কৰা এই অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড০ হেমাপ্ৰভা বৰঠাকুৰ, উপাধ্যক্ষা নিলিমা দেৱী, সদস্য সচিব ড০ প্ৰীতি লেখা ডেকা, আৰু সদস্যা- পৰমী দাস, মামনি বৰা, ববিতা শৰ্মা আৰু নাং লাকী গগৈ,ৰাজ্যিক মিছন সমন্বয়ক ৰুবি ভাগৱতী, শিশু বিশেষজ্ঞ , ইউনিচেফ লক্ষ্মী নাৰায়ণ নন্দ, বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰী ইত্যাদি
উপস্থিত থাকে। জিলা আইন সেৱা প্ৰাধিকৰণে অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ত দুৰ্দশাগ্ৰস্ত মহিলাসকলক পৰামৰ্শ সেৱা আগবঢ়োৱা পৰামৰ্শদাতা হিচাপে ঋতুমণি গোস্বামীক মনোনিত কৰে।
এই বিনামূলীয়া আইনী সেৱা কেন্দ্ৰটোৱে মহিলাসকলক পৰামৰ্শ, আৰু আদালতত প্ৰতিনিধিত্বকে ধৰি আইনী সাহায্য সেৱাৰ সুবিধা প্ৰদান কৰিব। ঘৰুৱা হিংসা, যৌন নিৰ্যাতন, বৈষম্যকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দুৰ্দশাগ্ৰস্ত মহিলাসকলক এই কেন্দ্ৰ দ্বাৰা সহায় প্ৰদান কৰা হ’ব। সম্পত্তিৰ বিবাদ, বৈবাহিক বিবাদ, আৰু অন্যান্য আইনী বিষয়ৰ বাবে আইনী সাহায্য বিচৰা মহিলাসকলকো কেন্দ্ৰই সহায় আগবঢ়াব।
অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাসকলে যাতে ন্যায়ৰ সুবিধা লাভ কৰে আৰু সকলো ধৰণৰ হিংসা আৰু বৈষম্যৰ পৰা সুৰক্ষিত হয় তাৰবাবে বিনামূলীয়া আইনী সেৱা কেন্দ্ৰটো স্থাপন কৰিছে ।
বিনামূলীয়া আইনী সেৱা কেন্দ্ৰৰ বিষয়ে অধিক তথ্যৰ বাবে অসম ৰাজ্যিক মহিলা আয়োগৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে ৷
ফোন নং: 0361220150
ইমেইল: [email protected]