ভাৰত চৰকাৰৰ খেলো ইণ্ডিয়া আঁচনিৰ অধীনত, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত আৰু চাইক্লিং ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত চাইক্লিং সন্থাই শণিবাৰৰ পৰা সোণাপুৰস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা প্ৰতিষ্ঠানত পূব মণ্ডল খেলো ইণ্ডিয়া মহিলা ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ আয়োজন কৰিছে। প্ৰতিযোগিতাখনত ৭ খন ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ, ঋাৰখণ্ড, পশ্চিম বংগ, মণিপুৰ. ওড়িশা আৰু অসমে অংশগ্ৰহণ কৰিছে।
মহিলা ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত এলিট, জুনিয়ৰ আৰু ছাব জুনিয়ৰ শাখাত স্প্ৰীন্ট, কেইৰিন, টাইম ট্ৰায়েল, ব্যক্তিগত পাৰছুইট আৰু স্ক্ৰেটচ্ ৰেচ ইভেন্টত অনুষ্ঠিত হৈছে। প্ৰথম দিনৰ খেলত মহিলাৰ এলিট শাখাৰ টাইম ট্ৰায়েলত অসমৰ চয়নিকা গগৈয়ে ব্ৰ্ঞ্জৰ পদক, ছাব জুনিয়ৰ শাখাৰ টাইম ট্ৰায়েলত অসমৰ দেৱী চাবুকধৰাই ৰূপ আৰু বিস্মিতা শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰে।
আনহাতে, ছাব জুনিয়ৰ শাখাৰ স্প্ৰীন্টত অসমৰ টিংকল গগৈয়ে ৰূপ আৰু বিস্মিতা শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰে। ইফালে, গুৱাহাটীৰ সাংসদ কুইন ওঝা উপস্থিত থাকি প্ৰথম দিনা পদক সমূহ বিতৰণ কৰে। অনুষ্ঠানত ছাই আঞ্চলিক কেন্দ্ৰ গুৱাহাটীৰ সঞ্চালক সত্যজিত সংস্কৃত উপস্থিত থকাৰ লগতে এল এন আই পি ইৰ উপ-পঞ্জীয়ক ভাস্কৰজ্যোতি শৰ্মা, অসম ফেন্সিং সন্থাৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ শৰ্মা, অসম চাইক্লিং সন্থাৰ উপ সভাপতি জয়ন্ত খাউণ্ড আৰু সাধাৰণ সম্পাদক ড০ তপন কুমাৰ দাস উপস্থিত থাকে।