আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকাৰ ছিলিকন ভেলী বেংকৰ পতনৰ বাবে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিয়ে। ইয়াৰ বাবে সকলোকে জবাবদিহি কৰা হ’ব বুলিও তেওঁ কয়।
আমেৰিকাৰ বৃহত্তম বেংক আছিল ছিলিকন ভেলী। যোৱা শুকুৰবাৰে বেংকটো বন্ধ কৰি দিয়া হৈছিল। বেংক দেউলীয়া হোৱাৰ পিছতে বেংকটোৱে সংগ্ৰহ কৰা ধনখিনি চৰকাৰে অধিগ্ৰহণ কৰিছিল। ২০০৮ চনৰ বিশ্ব বিত্তীয় সংকটৰ পিছত খুচুৰা বেংকিং ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বিফলতা বুলি কোৱা হৈছে।
দেওবাৰে নিশা ছিলিকন ভেলীৰ সন্দৰ্ভত বাইডেনে এক বিবৃতিত কয় “ আমি আমাৰ ঐতিহাসিক আৰু অৰ্থনৈতিক সম্পত্তি সুৰক্ষিত কৰিবলৈ বেংকিং ব্যৱস্থা কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। একে সময়তে বেংকিং ব্যৱস্থাৰ পতনৰ বাবে দায়ীসকলক জবাবদিহি কৰিব লাগিব।”
আমেৰিকাত ছিলিকন ভেলী বেংক অতি জনপ্ৰিয় হৈ পৰিছিল। বহুতে এই বেংকটোক বিশ্বাস কৰি নিজৰ কষ্টোপাৰ্জিত ধন জমা কৰি ৰাখিছিল। কিন্তু ছিলিকন ভেলীৰ দেউলীয়া হোৱাৰ ফলত আমেৰিকাৰ বেংকিং ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা ক্ষয় হৈছে। বাইডেনে ইয়াক পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে। সোমবাৰে তেওঁ কয় যে নাগৰিকসকলক আশ্বস্ত কৰিবলৈ বেংকিং ব্যৱস্থাৰ উন্নতিৰ বিষয়ে আলোচনা কৰিব।
প্ৰযুক্তিভিত্তিক ষ্টাৰ্টআপত বিনিয়োগ কৰি কম সময়ৰ ভিতৰতে ছিলিকন ভেলী বেংকে বৃহৎ পৰিমাণৰ সঞ্চয় কৰিছিল। এই বেংক কৰ্তৃপক্ষই আমেৰিকাৰ বণ্ডত বিনিয়োগ কৰিছিল। কিন্তু মুদ্ৰাস্ফীতি ৰোধৰ বাবে যোৱা বছৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ ফলত বণ্ডৰ মূল্য হ্ৰাস পাইছিল। ক’ভিড মহামাৰীৰ পিছত ষ্টাৰ্টআপসমূহো ক্ৰমাৎ দুৰ্বল হৈ পৰিছে। আত্মবিশ্বাস হেৰুৱাই গ্ৰাহকে খৰখেদাকৈ বেংকৰ পৰা ধন উলিয়াবলৈ ধৰিলে।
বেংক কৰ্তৃপক্ষই নিজৰ শ্বেয়াৰ বিক্ৰী কৰি গ্ৰাহকক ধন যোগান ধৰিব লগা হয়। ফলত বেংকৰ বেলেন্স শ্বীটত অতি সোনকালেই টান পৰিল। কিছুদিন পূৰ্বে ছিলিকন ভেলী বেংকে দেখুওৱা পৰিসংখ্যাত কোৱা হৈছে যে যোৱা কেইদিনমানত বেংকটোৱে প্ৰায় ২ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। সেই বেংকত জমা হোৱা গ্ৰাহকৰ ধনৰ দায়িত্ব লৈছে ফেডাৰেল ডিপ’জিট ইনশ্বুৰেন্স কৰ্প’ৰেশ্যন অৱ কেলিফৰ্ণিয়াই।