এছিয়াৰ প্ৰথম মহিলা লোকো পাইলট সুৰেখা যাদৱে আন এক কীর্তি লাভ কৰিছে । মুম্বাই-পুনে-ছোলাপুৰ পথত বন্দে ভাৰত এক্সপ্ৰেছ চলোৱাৰ দায়িত্ব তেওঁক দিয়া হৈছে । সুৰেখাৰ যোৱা ৩৪ বছৰে ৰেল চলোৱাৰ অভিজ্ঞতা আছে। ২০২১ চনৰ মহিলা দিৱসত দিয়া এক সাক্ষাৎকাৰত তেওঁ বন্দে ভাৰত এক্সপ্ৰেছ চলোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ভাৰতীয় ৰেলৱেই তেওঁৰ ইচ্ছা পূৰণ কৰে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে নিজেই টুইটাৰযোগে সুৰেখাৰ এখন ছবিৰে এই কথা প্ৰকাশ কৰিছে ৷
নতুন চাৰ্জ গ্ৰহণ কৰাৰ পিছত সুৰেখাই কয় , ‘অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ চলোৱাৰ সুযোগ দিয়াৰ বাবে ভাৰতীয় ৰে’লৱেৰ প্ৰতি কৃতজ্ঞ।’ সুৰেখাৰ দায়িত্ব লোৱাৰ প্ৰথম দিনাই ছোলাপুৰৰ পৰা বান্দে ভাৰত এক্সপ্ৰেছে সময়মতে যাত্ৰা আৰম্ভ কৰে । সময়তকৈ পাঁচ মিনিট আগতেই তেওঁ ৰেলযোগে মুম্বাইৰ ছাত্ৰপতি শিৱাজী ষ্টেচনত উপস্থিত হয় । সুৰেখাই বন্দে ভাৰত চলোৱাৰ আগতে বহুদিন প্ৰশিক্ষণ ল’বলগীয়া হোৱা বুলিও প্ৰকাশ কৰিছে ৷
সতৰাৰ বাসিন্দা সুৰেখাই ৰেল চালক হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে স্থানীয় ছেইণ্ট পলছ কনভেণ্টৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত তেওঁ অভিযান্ত্ৰিক বিষয়ত ডিপ্লমা কৰিছিল। সুৰেখাই ১৯৮৯ চনত সহকাৰী ৰেল চালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৯৬ চনত তেওঁক মালবাহী চালক হিচাপে নিযুক্তি দিয়া হয়। ২০১০ চনত তেওঁক মুম্বাই-পুনে ডেকান কুইন এক্সপ্ৰেছৰ দায়িত্ব দিয়া হয়। দেশৰ আটাইতকৈ ঠেক আৰু কঠিন ৰে’লপথ হিচাপে পৰিচিত ভোৰ ঘাটৰ মাজেৰেও সুৰেখাই ৰে’ল চলাইছিল ৷ বৰ্তমান দেশত প্ৰায় ডেৰ হাজাৰ মহিলা ৰেল চালক আছে। সকলোৰে বাবে এতিয়া পথ প্ৰদর্শক হৈছে সুৰেখা ৷