ৰাতিপুৱা সাৰ পোৱাৰ পিছত, কামৰ সময়ত বা সন্ধিয়া কামৰ পৰা উভতি অহাৰ পিছত কফিৰ কাপত চুমুক দিয়াৰ অভ্যাস বহুতৰে আছে ৷ যদি এই অভ্যাসটো বজাই ৰাখিব বিচাৰে, তেন্তে শীঘ্ৰে কফি ক্ৰয় কৰিবলৈ অতিৰিক্ত ধন আপুনি ব্যয় কৰিব লাগিব ৷ গৱেষণাৰ পৰা দেখা গৈছে যে গোলকীয় উষ্ণতাৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বতে কফি উৎপাদনত প্ৰভাৱ পেলাইছে। ফলত কফি উৎপাদন প্ৰায় ৫০ শতাংশলৈ এইবাৰ হ্ৰাস পাব পাৰে।
গৱেষকসকলে বিশ্বৰ ১২টা বৃহৎ কফি উৎপাদনকাৰী অঞ্চলত ১২বিধ জলবায়ুৰ প্ৰভাৱৰ ওপৰত অধ্যয়ন কৰি ১৯৮০ চনৰ পৰা ২০২০ চনৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ বিজুতি কেইবাগুণ বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে ৷ইয়াত কোৱা হৈছে যে, “জলবায়ু পৰিৱৰ্তনে এই অঞ্চলসমূহত স্পষ্ট প্ৰভাৱ পেলাইছে। আগতে অতি ঠাণ্ডা অঞ্চলবোৰ এতিয়া হঠাতে গৰম হৈ আহিছে।”
বিভিন্ন ধৰণৰ কফিৰ বৃদ্ধি হ’বলৈ বিভিন্ন উষ্ণতাৰ প্ৰয়োজন হয়। সাধাৰণতে আৰবিকা উৎপাদনৰ বাবে ১৮ৰ পৰা ২২ ডিগ্ৰী চেলছিয়াছ আৰু ৰবুষ্টা উৎপাদনৰ বাবে ২২ৰ পৰা ২৮ ডিগ্ৰী চেলছিয়াছৰ প্ৰয়োজন হয়। লগতে পাহাৰৰ শীতল, আৰ্দ্ৰ জলবায়ুত কফিৰ খেতি ভালদৰে হয়। কিন্তু গৱেষকসকলৰ মতে কফি খেতিৰ বাবে অতি উৎকৃষ্ট পৰিৱেশ জলবায়ু পৰিৱর্তনৰ বাবে হঠাতে শুকান আৰু গৰম হোৱাৰ মূল কাৰণ। যদি কফি উৎপাদনৰ হাৰ কমি যায়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল কফি প্ৰেমীসকলৰেই নহয়, বিভিন্ন দেশৰ কৃষকসকলৰ ওপৰতো প্ৰভাৱিত হ’ব। ফলত বহু প্ৰিয় এই পানীয়ৰ মূল উপাদান কফিৰ উৎপাদনৰ হাৰ প্ৰায় ৫০ শতাংশ হ্ৰাস পাব পাৰে। ফলত বজাৰত উপলব্ধ হ’ব পৰা ভাল মানৰ কফিৰ মূল্য বৃদ্ধি পাব ৷