হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰাৰ পিছত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে | যুৱ-ছাত্ৰ পৰিষদে আজি ৰাজ্যজুৰি ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগ দাবী কৰি অধ্যক্ষ তথা শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে | কাৰ্য্যসূচী অনুসৰি অাজি অসমৰ প্ৰতিখন জিলা আৰু মহকুমাৰ সদৰত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট জিলা সমিতি সমূহে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অনতিবিলম্বে অপসাৰণ কৰক, শিক্ষাবিভাগ চম্ভালিব নোৱাৰা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পদত্যাগ কৰক , ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰণক নিলম্বন কৰক, প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত চি আই ডিৰ সলনি চি বি আইক অৰ্পণ কৰক আদি শ্লোগানেৰ উত্তাল কৰি প্ৰতিকৃতি দাহ কৰে |
কাৰ্য্যসূচীৰ পিছত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা দিবলৈ গৈ হাজাৰ হাজাৰ পৰাক্ষাৰ্থী প্ৰশ্ন কাকত ফাদিল হোৱা বাবে পৰীক্ষা কেন্দ্ৰৰ পৰা ঘূৰি আহিব লগা হল | ই অত্যন্ত দূৰ্ভাগ্যজনক আৰু পৰীক্ষাৰ্থী সকলৰ বাবে হতাশজনক | ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনত হাইস্কুল শিক্ষান্ত বা মেট্ৰিক পৰীক্ষা অতি তাৎপৰ্যপূৰ্ণ | ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ গুণগত মানদণ্ডৰ এক আধাৰ হল এই পৰীক্ষা | হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা কম বয়সৰ ছাত্ৰ-ছাত্ৰী সকলে বহু দিঘলীয়া মানসিক পৰিশ্ৰমৰ পিছত নিজকে প্ৰস্তুত কৰি পৰীক্ষাৰ বাবে সাজু হয় | তেনেস্থলত ছেবাৰ ভুল আৰু অবিচবেকী নীতিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে বিপৰ্যয়ৰ সন্মূখীন হৈ অশেষ মানসিক কষ্টত ভূগিব লাগে | ইয়াৰ পূৰ্বেও এনেদৰে ছেবাৰ অকৰ্মণ্যতাত বহুবাৰ পৰীক্ষা বাতিল হৈছে আৰু ছাত্ৰ-ছাত্ৰীয়ে তাৰ পৰিণাম ভুগিব লগা হৈছে | ছেবাই বাৰে বাৰে কৰা এনে ভুলবোৰৰ সংশোধন কৰাৰ চেষ্টা কেতিয়াও নকৰে বা ছেবাই পূৰ্বৰ ভুলৰ পৰাও কোনো শিক্ষা নলয় | বিগত সময়ত ছেবাৰ এনে ঘটনাৰ কোনোদিন উচিত তদন্ত কৰাও পৰিলক্ষিত হোৱা নাই | এয়া এক অতি ৰহস্যময় বিষয় | অন্যহাতে ছেবাক নিয়ন্ত্ৰণ কৰা বিয়াগোম শিক্ষা বিভাগ আৰু শিক্ষা বিভাগৰ বিয়াগোম মন্ত্ৰী থাকোতে ছেবাক সঠিকৰূপত পৰিচালনা কৰিব নোৱাৰাটোও শিক্ষা বিভাগ তথা শিক্ষা মন্ৰী ৰণোজ পেগুৰ চূড়ান্ত ব্যৰ্থতা |
পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বাবে কেবল ছেবাই নহয় ইয়াৰ বাবে ছেবাক নিয়ন্ত্ৰণ কৰা বিয়াগোম শিক্ষা বিভাগ আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীও সম্পূৰ্ণৰূপে দায়ী | প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত তদন্ত কিয় নহয় বা আজিলৈকে প্ৰশ্নকাকত ফাদিলৰ সতে জড়িত কোনো এজন লোককো কিয় ধৰিব পৰা নাই?সেয়া এক উত্তৰ নথকা প্ৰশ্ন | ছেবাৰ ভুল আৰু শিক্ষাবিভাগৰ আসোঁৱাহ সমূহ কেতিয়াও মানি লব নোখোজা অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা উচিত | অন্যহাতে পৰিষদৰ নেতাদ্বয়ে কয় যে এচামে ছেবা ধংস হৈ যোৱাটো অহৰহ কামনা কৰে | ছেবা ধংস হলে আটাইতকৈ ক্ষতিগ্ৰস্থ হব ছেবাৰ নিয়ন্ত্ৰণত থকা চৰকাৰী আৰু অন্য অসমীয়া মাধ্যমৰ বিদ্যালয়ত সমূহ | ফলশ্ৰুতিত অসমীয়া ভাষাৰ প্ৰতি চৰম সংকট আহিব | ইয়াৰ লগতে ছেবা ধংস হলে ব্যক্তিগতকৰণ দিশে আগবাঢ়িব বিষয়বোৰ | বৰ্তমানৰ চৰকাৰৰ উদ্যোগতেই পূৰ্বে বহুবাৰ পৰীক্ষা পৰিচালনাৰ বাবে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক দায়িত্ব দিয়াৰ বাবে বিবেচনা কৰা হৈছিল | আনকি সামগ্ৰিকভাৱে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোকেই ব্যক্তিগতকৰণ প্ৰচেষ্টা কৰি অহা হৈছে | সেয়েহে এনে ঘটনাৰে ছেবাক চলেবলে ধংস কৰাৰ অভিসন্ধি নিশ্চিতভাৱে নুই কৰিব নোৱাৰি |
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দোষীক তৎকালে কৰায়ত্ত কৰাৰ দাবী জনোৱাৰ লগতে চূড়ান্তভাবে ব্যৰ্থ ছেবাৰ অধ্যক্ষ আৰু দীৰ্ঘদিনে একেটা পদত কাৰ্যনিৰ্বাহ কৰি থকা ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক গৰাকীক অপসাৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় | তেনেদৰে প্ৰশ্নকাকত ফাদিলৰ সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব নিৰপেক্ষ ,নিকা আৰু দ্ৰুত হোৱাৰ স্বাৰ্থত তদন্তৰ দায়িত্ব চি আই ডিৰ সলনি চি বি আইক অৰ্পণ কৰাৰ দাবী জনায় সংগঠনটোৱে |পৰাক্ষাৰ্থীক চৰম উদ্বিগ্নতা আৰু অনিশ্চয়তাৰ দিশে ঠেলি দি মানসিকভাৱে হাৰাশাস্তি কৰাৰ অধিকাৰ ছেবা কিম্বা শিক্ষামন্ৰীৰ নাই | এইদৰে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনক লৈ অৱহেলাৰ মনোভাৱ প্ৰদৰ্শন কৰা কাৰ্য্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেতিয়াও সহ্য নকৰে বুলি বিবৃতিযোগে সকিয়াই দিয়ে |