অসম কলেজ শিক্ষক সংস্থাৰ কামৰূপ মহানগৰ শিক্ষক মণ্ডলে মহাৰজত জয়ন্তী সমাৰোহৰ শুভাৰম্ভ উপলক্ষে আজি ১৪ মাৰ্চত তিনি শতাধিক বৃহত্তৰ ৰাণী সমীপৱৰ্তী অঞ্চলৰ পুৰুষ মহিলাক জৱৈ পাটগাও প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চকু,স্বাস্থ্য আৰু হেপাটাইটিছ বি,চি পৰীক্ষা কৰে। মাৰোৱাৰী মেটাৰনিটি অভিজ্ঞ ডাক্তৰৰ দ্বাৰা বিভিন্ন ৰোগৰ পৰীক্ষা আৰু ঔষধ প্ৰদান। লায়নচ ক্লাবৰ দ্বাৰা চকু পৰীক্ষাৰ লগতে ঔষধ আৰু চচমা প্ৰদান আৰু অনাগত দিনত বিনামূলীয়া কেটেৰেক অস্ত্ৰপ্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ ৰোগী সকলৰ নাম নথিভুক্ত কৰাৰ উপৰিও বিভিন্ন দিহা পৰামৰ্শ দিয়ে। দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শ্ৰী নিলয় পুৰকায়স্থৰ তত্বাৱধানত হেপাটাইটিছ বি, চি পৰীক্ষা কৰি অনুসূচিত জাতি জনজাতি প্ৰধান অঞ্চলত বিনামূলীয়া স্বাস্থ্য সেৱাৰ দ্বাৰা বিভিন্ন ৰোগৰ লক্ষণ পৰীক্ষা কৰে।
বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে নাৰী সৱলীকৰণৰ আৰু গ্ৰাম্য শিক্ষা উত্তৰণ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰাত বৃহত্তৰ ৰাণী অঞ্চলৰ ৰাইজে অসম কলেজ শিক্ষক সংস্থাৰ কামৰূপ মহানগৰ শিক্ষক মণ্ডলৰ সভাপতি ড: জ্যোতিষ গোস্বামী আৰু সম্পাদক শ্ৰী শ্ৰী সত্য নাথ দলে প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰীক ভূয়সী প্ৰশংসা কৰে। কামৰূপ মহানগৰ শিক্ষক মণ্ডলে ২০২৩-২৪ বৰ্ষত বিভিন্ন আৰ্থ, সামাজিক, সাংস্কৃতিক, স্বাস্থ্য সেৱা, শৈক্ষিক ,প্ৰশাসনিক উন্নয়ন তথা মূল্যায়নৰ লগতে বিভিন্ন চৰকাৰী কল্যাণমূখী আঁচনিৰ ওপৰত সজাগতা বৃদ্ধিৰ জৰিয়তে এক বলীষ্ঠ পদক্ষেপ অনাগত দিনত ল’বলৈ সক্ষম হব বুলি কামৰূপ মহানগৰ মণ্ডলৰ সভাপতি ড: জ্যোতিষ গোস্বামী আৰু সম্পাদক শ্ৰী সত্য নাথ দলে জনাইছে। আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি জেৱৈ পাটগাও প্ৰাথমিক বিদ্যালয়ত “নাৰী সৱলীকৰণৰ আৰু গ্ৰাম্য শিক্ষা উত্তৰণ” ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়। সমল ব্যক্তি হিচাবে দিছপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড: সুনীতা আগৰৱালাই মহিলা সকলক আৰ্থ, সামাজিক ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত আগুৱাই যাবলৈ বিভিন্ন যুক্তি পূৰ্ণ তথা বৰ্তমান সময়ত শৈক্ষিক আৰু সামাজিক উন্নয়নত নাৰী সমাজৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় ভূমিকা সম্পৰ্কে বক্তৃতা প্ৰদান কৰি উপস্থিত পুৰুষ, মহিলাক মুখামুখি বাৰ্তালাপ কৰি মনৰ ভাৱ আদান প্ৰদান কৰাত এক যোগাত্মক ব্যতিক্ৰমী কাৰ্যসূচীত সকলোৰে মনোনিবেশ কৰিবলৈ উৎসাহিত কৰে।
অসম কলেজ শিক্ষক সংস্থাৰ কামৰূপ মহানগৰ শিক্ষক মণ্ডলৰ সভাপতি ড: জ্যোতিষ গোস্বামী আৰু সম্পাদক শ্ৰী সত্য নাথ দলে জনাইছে যে মহাৰজত জয়ন্তী শুভাৰম্ভ উপলক্ষে ভালেমান ব্যতিক্ৰম ধৰ্মী কাৰ্যসূচী সফল ৰূপায়ণত বৌদ্ধিক বিকাশ তথা সামাজিক উত্তৰণ ওপৰত যৎপৰোনাস্তি চেষ্টা কৰিব । সেই অনুসৰি আজি ১৪ মাৰ্চত মহাৰজত জয়ন্তীৰ অংশ হিচাপে আন্তজাৰ্তিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰাণী সমীপৱৰ্তী জৱৈ পাটগাও প্ৰাথমিক বিদ্যালয়, ৰাণীত অনুষ্ঠিত কৰ্মশালাত সভাপতিৰ ভাষণত ড: জ্যোতিষ গোস্বামী উল্লেখ কৰে যে বৃহত্তৰ অনুসূচিত জাতি ,জনজাতীয় সম্প্ৰদায়ৰ মাজত নাৰীৰ সৰলীকৰণ , নাৰীৰ আৰ্থ সামাজিক তথা অৰ্থনৈতিক নিৰাপত্তাত অসম কলেজ শিক্ষক সংস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সকলোৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ আহ্বায়ক তথা সম্পাদিকা বন্দিতা বৰ বৰাই নাৰী সৱলীকৰণৰ আৰু গ্ৰাম্য অঞ্চলৰ নাৰীৰ কৰ্তব্য আৰু দায়িত্ব পালনৰ ক্ষেত্ৰত প্ৰয়োজনীয় কৰণীয় বিভিন্ন দিশৰ ওপৰত বক্তৃতা প্ৰদান কৰে। কামৰূপ মহানগৰ শিক্ষক মণ্ডলৰ সম্পাদক শ্ৰী সত্য নাথ দলে কৰ্মশালা অন্তৰ্নিহিত মৌলিক, দাৰ্শনিক বিষয়ে চিন্তা চৰ্চা কৰাৰ লগতে বৰ্তমান সময়ত শৈক্ষিক আৰু সামাজিক উন্নয়নত নাৰী সমাজে ঐক্যবদ্ধ ভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
জনোৱা মতে, প্ৰায় চাৰি তিনিশতাধিক বৃহত্তৰ ৰাণী সমীপৱৰ্তী অঞ্চলৰ পুৰুষ, মহিলা উপস্থিত থাকি সকলো কাৰ্যসূচীত সহযোগ কৰাত কলেজ শিক্ষক সংস্থাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজিৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু শৈক্ষিক আৰু সামাজিক উন্নয়নত নাৰী সৱলীকৰণৰ আলোচনা চক্ৰত উপস্থিত থাকে অসম কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ড: নৃপেন কলিতা, ড: অনন্ত পেগু ,কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শশী কান্ত শইকীয়া,লীনা ডেকা প্ৰমুখ্যে বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ৰাণী সমীপৱৰ্তী অঞ্চলৰ বিভিন্ন সামাজিক, শৈক্ষিক তথা সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত বিভিন্ন জন সমাজহিতৈষী ব্যক্তি।