ইউৰিক এচিড বৃদ্ধি পালে মানুহৰ শৰীৰত আৰ্থ্ৰাইটিছৰ সমস্যাই দেখা দিয়ে। আৰু আৰ্থ্ৰাইটিছ হলে মানুহৰ শৰীৰত অতিপাত বিষ হ’য়।তেনেক্ষেত্ৰত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাতো খুবেই গুৰুত্বপূৰ্ণ কথা। সাধাৰণতে খাদ্য অভ্যাসৰ যোগেদিয়েই ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰি।
(১) প্ৰটিনে ইউৰিক এচিড বৃদ্ধি কৰাত সহায় কৰে। মাছ,মাংস বা সাগৰীয় জীৱত অত্যাধিক পৰিমাণে প্ৰটিন থাকে। গতিকে তেনে খাদ্য কমকৈ খোৱাৰ অভ্যাস কৰিব লাগে। যিহেতু শৰীৰত যোৱা প্ৰটিন সৰু সৰু টুকুৰাত বিভক্ত হৈ ইউৰিক এচিডলৈ ৰূপান্তৰিত হ’য়।
(২) কাঠফুলা আৰু বন্ধাকবিতো অত্যাধিক পৰিমাণে প্ৰটিন থাকে।গতিকে তেনে খাদ্য পৰিমাণো হ্ৰাস কৰিব লাগে।
(৩) ইউৰিক এচিডৰ সমস্যাত থকা লোকে নিশাৰ আহাৰত ভাত,দাইল খাব নালাগে। যিহেতু বাকলি থকা এই মাহ জাতীয় খাদ্যতো প্ৰটিন থাকে। ইয়াৰ বদলি অন্য আহাৰ গ্ৰহণৰ অভ্যাস কৰিব লাগে।
(৪)ইয়াৰোপৰি ৰাজমাহ, সেউজীয়া মটৰ ,পালেং শাক এই মাহজাতীয় শস্যত প্ৰচুৰ প্ৰটিন উপলব্ধ থাকে।
(৫) আনহাতে চেনী খোৱাটো ইউৰিক এচিড থকা লোকৰ বাবে খুবেই অপকাৰী।গতিকে চেনীৰ পৰিমাণ কমাই খোৱাৰ অভ্যাস কৰিব লাগে আৰু মিঠা ফল-মূল সেৱন কৰাৰ পৰাও দূৰৈত থাকিব লাগে।যিহেতু ই শৰীৰত গ্লুক’জৰ পৰিমাণ বৃদ্ধি কৰি ইউৰিক এচিড বৃদ্ধি কৰাত সহায় কৰে।
অৱশ্যে এই সকলো তথ্য সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি যুগুত কৰা হৈছে। অধিক জানিবলৈ বিশেষজ্ঞৰ ওচৰত পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন।