অৱসৰৰ পাছত পেন্সন লাভ নকৰাসকলে এক সংশয়ত ভোগা দেখা যায় ৷ অৱসৰৰ পাছত কেনেদৰে তেওঁলোকে জীৱন পাৰ কৰিব তাক লৈ চিন্তিত হৈ পৰে ৷ কিন্তু অৱসৰৰ পিছত আয়ৰ বাবে আপোনাৰ জীৱনজোৰা সঞ্চয়ক কেনেকৈ লাভৱান কৰিব পাৰি চাওক।
জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি
এই আঁচনিখনত ৩০ লাখ টকা পৰ্যন্ত জমা কৰিব পাৰিব। বেংক বা ডাকঘৰৰ জৰিয়তে জমা কৰিব পাৰিব। এই পাঁচ বছৰীয়া আঁচনিখনত ধন ৰাখি পুনৰ তিনি বছৰৰ বাবে পুনৰ বিনিয়োগ কৰিব পৰা যাব। সুতৰ হাৰো তুলনামূলকভাৱে বেছি। একাউণ্ট খুলিবলৈ আৱেদন দাখিল কৰিব লাগিব।
প্ৰধানমন্ত্ৰী ব্যয় বন্দনা যোজনা
এই আঁচনিখন বীমা ভিত্তিক, দহ বছৰৰ বাবে বিনিয়োগযোগ্য। ৩১ মার্চলৈকে বিনিয়োগৰ ব্যৱস্থা আছে। এই কেন্দ্ৰীয় আঁচনিখন এল আই চিৰ দ্বাৰা পৰিচালিত আৰু মাহেকীয়া আয়ৰ ব্যৱস্থা আছে। ইয়াৰ ৰিটাৰ্ণ যথেষ্ট ভাল আৰু যিহেতু ই মূলতঃ বীমা ভিত্তিক আঁচনি, সেয়েহে সঞ্চয়কাৰীৰ বাবে কিছুমান বিশেষ সুযোগ আছে।