VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“শিশুৰ দিন” উদযাপনেৰে আনন্দমুখৰ অসম গ্ৰন্থমেলা, বঙাইগাঁও

voicedesk by voicedesk
March 18, 2023
in মুখ্য সংবাদ
“শিশুৰ দিন” উদযাপনেৰে আনন্দমুখৰ অসম গ্ৰন্থমেলা, বঙাইগাঁও
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ বৰ্ণিল কাৰ্যক্ৰমণিকাই বঙাইগাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ভাষা-সাহিত্যপ্ৰেমী ৰাইজৰ মাজত সৃষ্টি কৰিছে উৎসাহ-উদ্দীপনা ৷ অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ গান্ধী ময়দানত যোৱা ১৩ মাৰ্চৰ পৰা সাতদিনীয়াকৈ আয়োজিত হৈছে এই গ্ৰন্থমেলা ৷ আজি ইয়াত “শিশুৰ দিন” উদযাপন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন, কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৷ পুৱা ১১ বজাত বন্তি প্ৰজ্বলিত কৰি “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট লেখক, অনুবাদক , সাহিত্য আকাডেমী বঁটাৰে সন্মানিত সুসাহিত্যিক ৰাজা দেৱজিৎ বসুমতাৰীয়ে ৷

উদ্বোধনী ভাষণত তেওঁ কয় যে কুইজ, চিত্ৰাংকন , আকস্মিক বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতাই শিশুৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে ৷ এনে অনুষ্ঠানে শিশুসকলৰ মানসিক বিকাশ আৰু মনৰ দৃঢ়তা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় ৷ তেওঁ শিশু আৰু অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাই কয়—“ভাল মানুহ হোৱাটো জীৱনৰ লক্ষ্য কৰি লোৱা উচিত ৷ প্ৰকৃতাৰ্থত মানুহ হোৱাৰ সাধনাই এনে লক্ষ্যত উপনীত কৰায় ৷ মানুহৰ প্ৰতি মৰম-সন্মান , সদাচাৰ, পৰোপকাৰ—এইবোৰ ভাল মানুহৰ গুণ ৷ মানুহ এই গুণৰাজীৰ অধিকাৰী হ’লে সমাজ-জীৱন শান্তিপূৰ্ণ হয় ৷” তেওঁ অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাটো সমাজৰ বাবে শুভকৰ্ম বুলি উল্লেখ কৰি দুয়োটা সংস্থাকে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লখ্য যে ৩ শতাধিক শিশুৱে চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত যোগদান কৰে।

আকস্মিক বক্তৃতাৰ “ক” শাখিত পঞ্চী প্ৰিয়ম দাসে প্ৰথম, দেৱাস্তুতি ৰূপম নাথে দ্বিতীয়, হাৰ্দিক ওজাই তৃতীয় আৰু অনন্যা গৌতমে উদগনি বঁটা লাভ কৰে৷ “খ” শাখাত ৰত্নাপ্ৰভা সিংহই প্ৰথম , অনিন্দিতা দাসে দ্বিতীয়, পল প্ৰদ্যুম্ন দাস আৰু প্ৰৱাহিনী গৌতমে যুটীয়াকৈ তৃতীয় আৰু মৃগাক্ষি কাশ্যপে উদগনি বঁটা লাভ কৰে ৷ “গ” শাখাত ৰৌশন দাসে প্ৰথম, প্ৰযুক্তা শৰ্মা আৰু অয়ন কাশ্যপে যুটীয়াকৈ দ্বিতীয়, আকাশদ্বীপ গোস্বামীয়ে তৃতীয় আৰু উৰ্মিমালা সাহাই উদগনি বঁটা লাভ কৰে ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত কৌশানী চৌধুৰীয়ে প্ৰথম , মঞ্জিষ্ঠা মেধিয়ে দ্বিতীয় , জ্যোতিষ দাসে তৃতীয় স্থান লাভ কৰে ৷ ইয়াত আয়ুস দেৱনাথ , তৃষা দে’ , পঞ্চী প্ৰিয়ম দাসে উদগনি আৰু এৰিকা চৌধুৰীয়ে বিশেষ উদগনি বঁটা লাভ কৰে ৷ “খ” শাখাত স্নেহাশিস পুৰকায়স্থই প্ৰথম, আয়ুস্মান শইকীয়াই দ্বিতীয়, দেৱাংগ ৰয়ে তৃতীয় স্থান লাভ কৰে ৷ ইয়াত জ্যোতিৰূপ পাল , স্নিগ্ধা ঘোষ , মেৰীপ্ৰিয়া বৰা, শ্ৰীপৰ্ণা সৰকাৰে উদগনি বঁটা লাভ কৰে ৷ “গ” শাখাত ফ্ল’ৰিনা বৰাই প্ৰথম, অৰ্পণা বৈদ্যই দ্বিতীয় , বেদব্ৰত সাহাই তৃতীয় স্থান লাভ কৰে ৷ ইয়াত তিষি দেৱনাথ, নিশিতা শৰ্মা, চন্দ্ৰাশ্ৰী ৰয়, ক’য়েল দাসে উদগনি বঁটা লাভ কৰে ৷ এই ফলাফল অনুসৰি কাইলৈ বঁটা বিতৰণী কৰা হ’ব ৷

আজি চিত্ৰাংকন আৰু আকস্মিক বক্তৃতাৰ পাছত মুকলি কুইজ পৰিচালনা কৰে নয়নজ্যোতি বৰাই। সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে প্ৰবোধ দাসে ৷ কাইলৈ বিয়লি আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলা , বঙাইগাঁৱৰ সামৰণি অনুষ্ঠান ৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক কুল শইকীয়াই ৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহা , গৱেষক -লেখক ড° মলিনা দেৱী ৰাভা,, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য গকুল বৰ্মন , বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়ো আৰু বিশিষ্ট লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই ৷

Previous Post

মিডিয়া ক্রিকেটৰ ফাইনেলত গুৱাহাটী প্ৰেছ ক্লাব

Next Post

২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান

২০ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7