প্ৰশ্নকাকত আগতীয়াকৈ ফাদিলৰ ঘটনাত জড়িত লোহিত খাবলাই হাইস্কুল কেন্দ্ৰা তত্বাবধায়ক মূল অভিযুক্ত প্ৰণব দত্ত আৰু ডফালাকাটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে চাকৰিৰ বিনিময়ত পাব লগা সকলো সা সুবিধা কৰ্তন কৰি বাধ্যতামূলক অবসৰ দিয়াৰ ব্যবস্থা কৰিব লাগে। এক প্ৰেছ বিবৃতিত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি মকিবৰ ৰহমান, সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা আৰু প্ৰচাৰ সম্পাদক মহীধৰ কলিতাই কয় যে দুগৰাকী শিক্ষকৰ এনে ধৰণৰ নিকৃষ্ট কাণ্ডই গোটেই শিক্ষক সমাজক লজ্জানত কৰিছে।
হাজাৰ হাজাৰ পৰিক্ষাৰ্থীৰ মনোবল ভাঙি পেলোৱা এই শিক্ষক দুগৰাকীক ছাত্ৰ সমাজেও ইতিমধ্যে গৰিহণা দিয়াৰ লগতে শাস্তি দিয়াৰ দাবী তুলিছে। ছাত্ৰ ছাত্ৰী সকলে নতুনকৈ ঘোষণা কৰা পৰীক্ষাত বিনাদ্বিধাই অবৰ্তীন্ন হব পাৰিব বুলি সাহস প্ৰদান কৰি নেতাদ্বয়ে কয় যে …ভবিষ্যতে যাতে এইধৰণৰ কাণ্ড সংঘটিত হব নোৱাৰে তাৰ বাবে চৰকাৰ চেবা, শিক্ষক সমাজকে ধৰি সংশ্লিষ্ট সকলো পক্ষ ই গুৰুত্ব আৰোপ কৰিব লাগিব।