ভাৰতৰ সীমান্তৰ পৰা মাত্ৰ ৫৮ কিলোমিটাৰ দূৰত্বত পাকিস্তান সেনাই অত্যাধুনিক ৰাডাৰ মোতায়েন কৰিছে। সেই দেশৰ সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদন অনুসৰি সিন্ধৰ উমেৰকোট জিলাৰ চোৰ কেণ্টনমেণ্টত টিপিএছ-৭৭ ‘মাল্টি ৰ’ল ৰাডাৰ’ স্থাপন কৰা হৈছে৷ যাৰ বাবেই ভাৰতৰ নিৰাপত্তাৰ ওপৰত হেঁচা আহিব পাৰে বুলি প্ৰতিৰক্ষা বিশেষজ্ঞৰ এটা দলে বিশ্বাস কৰে।
পাকিস্তান সেনাই ভাৰতৰ ‘হিমশক্তি সংহত ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থা’ক প্ৰতিহত কৰিবলৈ আমেৰিকাৰ লকহিড মাৰ্টিন নিৰ্মিত টিপিএছ-৭৭ৰ পৰিবহণযোগ্য এমআৰআৰ সংস্কৰণ নিয়োগ কৰা বুলি অনুমান কৰা হৈছে। বিশ্বৰ অন্যতম শক্তিশালী ইলেক্ট্ৰনিক অস্ত্ৰ (ইলেক্ট্ৰনিক ৱাৰফেয়াৰ চিষ্টেম) হাজক্টিয়ে নিজৰ বিদ্যুৎচুম্বকীয় বৰ্ণালীৰ শক্তি ব্যৱহাৰ কৰি বেতাঁৰ যোগাযোগ, উপগ্ৰহৰ সংযোগ আৰু ৰাডাৰক জাম কৰিবলৈ সক্ষম।
ইয়াৰ উপৰিও ভাৰতীয় সেনাৰ এই ইলেক্ট্ৰনিক অস্ত্ৰ শত্ৰুৰ ‘পেচিভ ট্ৰেকিং’ কৰিবলৈ সক্ষম। অৰ্থাৎ শত্ৰুৰ ৰেডিঅ’ তৰংগ ধৰা পেলাই শত্ৰুৰ অজ্ঞাতে ইয়াক চিনাক্ত কৰিব পৰা যায়। যিহেতু ই সক্ৰিয় অনুসৰণৰ দৰে ৰেডিঅ’ তৰংগ নিৰ্গত নকৰে, গতিকে শত্ৰুৰ ৰাডাৰ তৰংগ গ্ৰাহকে ইয়াক অনুভৱ কৰিব নোৱাৰে। কিন্তু টিপিএছ-৭৭ এমআৰআৰে এছ-বেণ্ড তৰংগৰ সহায়ত ২৫০ কিলোমিটাৰ পৰ্যন্ত শত্ৰুৰ চোৱাচিতা ব্যৱস্থা চিনাক্ত কৰিব পাৰে। শত্ৰুৰ বিমান, হেলিকপ্টাৰ আৰু ড্ৰোন ধৰা পেলাব পাৰে।
সাধাৰণতে আমেৰিকাৰ পৰা আমদানি কৰা ৰাডাৰে ৪৭০ কিলোমিটাৰ পৰ্যন্ত শত্ৰুৰ সামৰিক কাৰ্যকলাপৰ ভৱিষ্যদ্বাণী কৰিব পাৰে। ২০২১ চনত পাকিস্তান সেনাই আমেৰিকাৰ পৰা দুখন টিপিএছ-৭৭ এমআৰআৰ আমদানি কৰিছিল। এইবাৰ ইছলামবাদে ভাৰতৰ বিৰুদ্ধে ইয়াৰে এটা মোতায়েন কৰিছে ৷