এটা নিৰ্দিষ্ট বয়সৰ পিছত শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে কমি যায়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। অতিৰিক্ত ওজনৰ ফলত ভৰিৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হয়। অতিৰিক্ত ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ, বৃক্কৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ৬০ বছৰ বয়সৰ পিছতো ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়।
কিন্তু মানুহে এটা নিৰ্দিষ্ট বয়সৰ পিছত ওজন কমাব পৰা আশা প্ৰায় এৰি দিয়ে। ২০, ৩০, ৪০ বছৰীয়া লোকে সহজেই ওজন কমাব পাৰে, কিন্তু ৬০ বছৰৰ পিছত ই যথেষ্ট কঠিন হৈ পৰে। কাৰণ তেওঁলোকৰ বাবে বেছি কষ্ট কৰি ওজন কমাব পৰা নাযায়। আকৌ কঠোৰ ব্যায়াম কৰিব নোৱাৰি, হাড়ৰ ওপৰত চাপ পৰিব পাৰে । কিন্তু এইটো জনাটো ভাল যে ৬০ বছৰৰ পিছতো ওজন কমাব পৰা যায়। আৰু এই বয়সতো কিছুমান সহজ ব্যায়াম নিৰাপদ। জানি লওক সেইবোৰ কি।
১) খোজ কঢ়া: বয়সৰ পিছত হঠাৎ দৌৰিলে হাড়ৰ গাঁঠিত চাপ পৰিব পাৰে। আঘাত পোৱা বা দুৰ্ঘটনা হোৱাৰ আশংকাও বৃদ্ধি পায়। কিন্তু খোজ কঢ়াটো তুলনামূলকভাৱে নিৰাপদ। এই বয়সত খোজ কঢ়াটোৱেই আটাইতকৈ ভাল কাৰ্ডিঅ’ ব্যায়াম। প্ৰতিদিনে আধা ঘণ্টা খোজ কাঢ়িলে বহু শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
২) পিলাটেছ (Pilates)ঃ যিকোনো আঘাতৰ পৰা সুস্থ হ’বলৈ পিলাটেছ হ’ল সৰ্বোত্তম উপায়। বৃদ্ধৰ হাড় সুস্থ কৰি ৰাখিবলৈ, খোজ কঢ়াৰ শৈলী শুদ্ধ কৰি ৰাখিবলৈ, শৰীৰক নমনীয় কৰি তুলিবলৈ পিলাটেছৰ পৰামর্শ দিয়া হয় ৷ নিয়মিতভাৱে পিলাটেছ কৰিলে শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি পায় আৰু ডিঙি আৰু কঁকালৰ বিষৰ দৰে সমস্যা হ্ৰাস পায়। এই বিশেষ পদ্ধতিত কেৱল ষ্ট্ৰেচিঙৰ ওপৰত গুৰুত্ব দিয়া হয়, বহুত সঁজুলিৰ ওপৰত নহয়।
৩) ব্যায়াম : বয়সৰ লগে লগে অতি গধুৰ ওজন তুলিব পৰা ক্ষমতা কমি যাব পাৰে। কিন্তু শৰীৰৰ ওজনৰ ৱৰ্কআউট নিৰাপদে কৰিব পাৰি। নিয়মিতভাৱে স্কোৱাট, লাঞ্জেছ বা ক্ৰাঞ্চ কৰিব পাৰে। কিন্তু নিশ্চিতভাৱে প্ৰশিক্ষকৰ পৰামৰ্শৰ পৰা আৰম্ভ কৰক।
৪) খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়া: এই সময়ত খাদ্যাভ্যাসৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লাগে। প্ৰটিন সমৃদ্ধ খাদ্য খাদ্য বেছিকৈ ৰাখিব লাগে। খাদ্যত চেনি আৰু চৰ্বিযুক্ত খাদ্য যিমান কম হ’ব সিমানেই ভাল।
৫) পৰ্যাপ্ত টোপনি: ওজন কমাবলৈ দিনটোত সাত-আঠ ঘণ্টা শুব লাগিব। যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি মাৰে তেন্তে আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পাব আৰু তেতিয়াহে আপুনি ওজন কমাই ৰাখিব পাৰিব।
বৃদ্ধ বয়সত অতি সোনকালে ওজন কমাবলৈ টান! এই সময়ত ক্ৰমান্বয়ে ওজন কমালে ভাল। বহু সময়ত বিভিন্ন চেষ্টাৰ পিছতো ওজন কমাব পৰা নাযায়, তেনে ক্ষেত্ৰত হতাশ নহব ৷