১৯৪০ চনত ভাৰতৰ বনাঞ্চলৰ পৰা চিতা বাঘ নোহোৱা হৈ যায়। তাৰ পিছত সত্তৰ বছৰ পাৰ হৈ গ’ল। অৱশ্যে লাহে লাহে পৰিস্থিতি সলনি হ’বলৈ আৰম্ভ কৰিছে। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি অৰণ্যত ইয়াৰ আভাস পোৱা গৈছে। বহু বছৰৰ পাছত কুনো ৰাষ্ট্ৰীয় উদ্যানত ঘূৰি ফুৰা দেখা গ’ল চিতা বাঘ । বন বিভাগৰ বিষয়াসকলে চিতা বাঘ মুকলি স্থানলৈ ওলাই অহা ক্ষণ কেমেৰাত বন্দী কৰিছে।
বন বিভাগৰ ডি এফ অ’ প্ৰকাশ কুমাৰ বাৰ্মাই জানিবলৈ দিয়া মতে নাহৰফুটুকীটোৰ নাম ওবান। ওবান এটা মতা চিতা বুলিও তেওঁ কয়। ১১ মাৰ্চত মাইকী চিতা আশাক অৰণ্যৰ মুকলি অঞ্চলত এৰি দিয়া হৈছিল। তেওঁ মন্তব্য কৰে যে ওবান আৰু আশাৰ গতিবিধি আৰু আচৰণৰ ওপৰত বন বিভাগে নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে। তেওঁ কয় যে ওবানে অকলে ঘুৰি নুফুৰে ৷ আশা নামৰ মাইকী চিতা জনীৰ সৈতে প্ৰায়ে দেখা যায় ওবান ৷। কেতিয়াবা ইজনে সিজনৰ লগত খেলা-ধূলা কৰে। দুয়োকে একেলগে হাবিত খোজ কাঢ়ি যোৱাও দেখা যায়।
২০২২ চনৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল আঠটা চিতা। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা মুঠ ১২টা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। দ্বিতীয় পর্যায়ত অনা চিতাবোৰৰ ভিতৰত ৭টা মতা আৰু ৫টা মাইকী। বন বিভাগে জনোৱা মতে, নামিবিয়াৰ ছটা চিতা অতি শীঘ্ৰে মুকলি অৰণ্যত মুকলি কৰি দিয়া হ’ব।
আনকি দক্ষিণ আফ্ৰিকাৰ পৰা অনা বাৰটা চিতায়ো আশ্ৰয় শিবিৰৰ পৰা মুকলি কৰি বৃহত্তৰ বনাঞ্চলত এৰি দিয়া হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে।ভাৰতত চিতাৰ সংখ্যা বৃদ্ধিৰ বাবে পৰ্যায়ক্ৰমে আফ্ৰিকাৰ পৰা অনা হৈছে। বন কৰ্তৃপক্ষই আশা কৰিছে যে চিতাবোৰে ভাৰতীয় পৰিবেশৰ লগত খাপ খুৱাব পাৰিব।