ফেচবুকে ইয়াৰ বিশেষত্ব সমূহৰ লগত সংযোজন কৰিছে অন্য এক নতুন সুবিধা । এই নতুন সংযোজন হৈছে ভইচ আৰু ভিডিঅ’ ক’ল (voice and video calling) কৰাৰ সুবিধা। কিন্তু এই ক্ষেত্ৰত নতুনত্ব টো হৈছে যে ফেচবুকৰ লগত সংলগ্ন হৈ থকা মেছেঞ্জাৰ এপ টো নোখোলাকৈয়ে ফোন অথবা ভিডিঅ’ ক’ল কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে।
উল্লেখ্য যে ফেচবুকে ২০১৪ চনত মেছেঞ্জাৰক এক পৃথক এপ হিচাপে আগবঢ়াই দিছিল। তেতিয়াৰে পৰাই ফেচবুক ব্যৱহাৰকাৰীসকলে পৃথক-পৃথক ভাৱে দুটা এপ ব্যৱহাৰ কৰিবলগীয়া হয় । কিন্তু এতিয়াৰে পৰা মেছেঞ্জাৰৰ পৰা ফোন বা ভিডিঅ’ ক’ল কৰিব বিচাৰিলে ফেচবুকৰ এপ টো বন্ধ নকৰাকৈ পোনপটীয়াকৈ কৰিব পৰা যাব।
মেছেঞ্জাৰ ফেচবুকৰে এক অংশ য’ত ব্যক্তিগতভাৱে অন্য একাউন্টলৈ মেছেজ দিব পৰা যায়। কিন্তু তাৰ বাবে ফেচবুক এপ আৰু মেছেঞ্জাৰ এপ – এই দুয়োটা এপ ডাউনল’ড কৰিব লগীয়া হয় । ফেচবুকৰ নতুন সুবিধা অনযায়ী কেৱল ফেচবুক এপ টো খোলা থাকিলেও এতিয়াৰ পৰা বিনা দ্বিধাই মেছেঞ্জাৰ এপ টো নোখোলাকৈয়ে ফোন বা ভিডিঅ’ ক’ল কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে।
আনহাতে বৰ্তমান সময়ত মেছেঞ্জাৰ, ইনষ্টাগ্ৰাম , হোৱাটছএপ , ফেচবুক পেজ আদিবোৰ ইটোৰ লগত সিটো সংযুক্ত কৰি লোৱাৰ সুবিধাও উপলব্ধ হৈছে ব্যৱহাৰকাৰীসকলৰ মাজত।