ডায়েবেটিছৰ সমস্যা ক্ৰমান্বয়ে দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে। সমস্যাটো ইমানেই বিয়পি পৰিছে যে পৰিসংখ্যা অনুসৰি কেইবছৰমানৰ ভিতৰতে প্ৰতিটো ঘৰতে এজনকৈ ডায়েবেটিছ ৰোগী হ’ব। চিকিৎসকৰ মতে ডায়েবেটিছ ৰোগীয়ে এই দুটা ঋতু অৰ্থাৎ শীত আৰু গ্ৰীষ্মকালত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। শীতকাল পাৰ হৈ গ্ৰীষ্ম আৰম্ভ হৈছে ৷ ফলত তেজত শর্কৰাৰ মাত্ৰা বেছি হ’লে এই বতৰত সাৱধান হ’বলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কাৰণ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে হিট ষ্ট্ৰোকৰ সম্ভাৱনা বেছি। ইয়াৰ বাহিৰেও গ্ৰীষ্মকালত শৰীৰত পানীৰ পৰিমাণ কমি যায়। ডায়েবেটিছ হ’লে এই আশংকা দুগুণ হয়। গতিকে সুস্থ হৈ থাকিবলৈ কিছু অতিৰিক্ত নিয়ম মানি চলাটো প্ৰয়োজনীয়।
ব্যায়াম কৰক
ডায়েবেটিছ ৰোগত আক্ৰান্ত বহু লোকে নিয়মিতভাৱে ব্যায়াম কৰে। গ্ৰীষ্মকালত এই বিষয়ত অধিক গুৰুত্ব দিব লাগে। যদি আপুনি আন সময়ত ৩০ মিনিট ব্যায়াম কৰে তেন্তে গ্ৰীষ্মকালত ১৫ মিনিট বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। আৰু ৰাতিপুৱা ৫ বজাত সাৰ পাই ব্যায়াম কৰিলে ভাল। আপুনি লাভৱান হ’ব।
আঁহযুক্ত খাদ্য খাব লাগে
ডায়েবেটিছ ৰোগীৰ দৈনন্দিন খাদ্য তালিকাত কি আছে সেয়া অতি গুৰুত্বপূৰ্ণ। ইচ্ছা কৰিলে সকলো খাব নোৱাৰি। গ্ৰীষ্মকালত অধিক সাৱধান হওক। বাহিৰৰ খাদ্য, মিঠা, তেলীয়া, এনে খাদ্যৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকক। ইয়াৰ পৰিৱৰ্তে আঁহযুক্ত খাদ্য বেছিকৈ খাব লাগে। ওটচ, ব্ৰাউন ৰাইচ, বিলাহী আদি খাদ্যৰ তালিকাত ৰাখক ৷
পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে
ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে হিট ষ্ট্ৰ’কৰ আশংকাৰ পৰা হাত সাৰিবলৈ পানী খোৱাৰ বিকল্প নাই। বাহিৰলৈ ওলাই যাওঁতে লগত পানীৰ বটল এটা লৈ যাবলৈ নাপাহৰিব। ১৫ মিনিটৰ মূৰে মূৰে পানী খাব লাগে। লগতে নিয়মিতভাৱে পানী থকা ফল খাব লাগে। কোনো কাৰণতে শৰীৰত পানীৰ অভাৱ সৃষ্টি হ’ব নালাগে।
নিয়মিতভাৱে তেজৰ শর্কৰাৰ মাত্ৰা পৰীক্ষা কৰক
বছৰটোৰ ভিতৰত বহু লোকে প্ৰতিদিনে ব্লাড চুগাৰ পৰীক্ষা নকৰে। গ্ৰীষ্মকালত এই ভুল নকৰিব। প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই উঠি তেজৰ শর্কৰাৰ মাত্ৰা পৰীক্ষা কৰক। শর্কৰাৰ মাত্ৰা বেছি হোৱা দেখা পালে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। নিয়ম মানি চলিলেও কেতিয়াবা শর্কৰাৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। গতিকে যদি আপুনি দৈনিক পৰীক্ষা কৰে তেন্তে আপুনি বিষয়টোৰ বিষয়ে সচেতন হৈ থাকিব পাৰে।