সভ্যতাক লজ্জ্বানত কৰি এটাৰ পাছত এটাকৈ সংঘটিত হৈছে নৰবলিৰ ঘটনা। কিছুদিন আগতে চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ চিংলো লাইনত এটি ৪ বছৰীয়া কন্যা শিশুক নিজ পিতৃৰ দ্বাৰাই বলি দিয়াৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাৰ উত্তেজনা মাৰ নাযাওতেই পুনৰ টিঙালীবাম চাহ বাগিচাত সন্দেহ কৰা বলিৰ ঘটনাই স্বাভাৱিকভাৱেই সাধাৰণ ৰাইজক আতংকিত কৰি তুলিছে।
তথ্য অনুসৰি বাগিছাখনৰ ১৩ নম্বৰ লাইনৰ শ্ৰমিক মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ ৬ বছৰীয়া কন্যা ‘আলিয়া’ই দুপৰীয়া খেলি থকাৰ মাজতে বাগিছাত খৰি লুৰিবলৈ ওলাই গৈছিল। সমনীয়াৰ সৈতে খৰি লুৰি থকাৰ মাজতে কোনো অচিনাকী লোকে খৰি কাটি দিম বুলি আলিয়াক বাগিছাৰ ভিতৰলৈ লৈ গৈছিল। তাৰ পাছতেই সন্ধানহীন আলিয়াৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়।
মন কৰিবলগীয়া যে আলিয়াৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ কিছুদূৰত এখন কালী থান অৱস্থিত। থানৰ কাষতে আছে দুটা সৰু জুৰি। সন্দেহ অনুসৰি অন্ধবিশ্বাসৰ বশৱৰ্তী কোনো নৰপিশাচে আলিয়াক ধৰি থানলৈ নি তাতেই ‘কালী’ৰ নামত উৎসৰ্গা কৰি নিঠৰ দেহটো জুৰিলৈ দলিয়াই সেই স্থানৰ পৰা উধাও হয়। আনহাতে একাংশ শ্ৰমিকে এই ঘটনাক ‘নৰবলি’ নহয় বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশৰ মতে এয়া অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ‘কুমাৰী শিশু কন্যা’ক কালীৰ নামত উৎসৰ্গা কৰাৰ ঘটনা হ’ব পাৰে।
অন্ধবিশ্বাসৰ পৰিণতিত সময়ে সময়ে ধ্বংস হৈ থকা বহু মূল্যৱান জীৱনৰ তথ্য সকলোৱেই পাই আহিছে।
কিন্তু সচেতন মহলৰ মাজত এইখিনিতে এটা প্ৰশ্ন উত্থাপিত হৈছে যে এয়া নৰবলি নে যৌন নিৰ্যাতন? শিশুৰ ওপৰত যৌন নিৰ্যাতন, ধৰ্ষণ, হত্যা এতিয়া অসমত অস্বাভাৱিক ঘটনা হৈ ৰোৱা নাই।
কিছুবছৰৰ আগতে গুৱাহাটীৰ পল্টন বজাৰ বাছ আস্থানত বৰ্ণালী নামৰ ৭ বছৰীয়া ছোৱালীজনীৰ ধৰ্ষণৰ ঘটনাই সমগ্ৰ অসমবাসীক জোকাৰি গৈছিল। কিন্তু বৰ্ণালী হত্যাৰ পৰৱৰ্তী পৰ্যায়ত যেন অসমত শিশু নিগ্ৰহৰ ঘটনাৰ প্ৰতিযোগিতাহে হ’ল! তেনে প্ৰেক্ষাপটত ‘নৰবলি’ৰ ৰূপ দি কোনো বিকৃত মস্তিস্কৰ ব্যক্তিয়ে আলিয়াক যৌন নিৰ্যাতন কৰিব পাৰে বুলি সন্দেহ কৰাৰ থল আছে।
বিশেষকৈ আগষ্ট মাহৰ প্ৰথম মাহতে ৪ বছৰীয়া শিশুক পিতৃয়ে বলি দিয়াৰ ঘটনা ৰাইজৰ মনত এতিয়াও সজীৱ। সেই ঘটনাৰ সুযোগ লৈ বলিৰ ৰূপ দিয়াৰ বাবে ‘কালী থান’ ৰ ওচৰত আলিয়াক পেলাই থৈ যাব পাৰে বুলি ভাবিবৰ থল আছে।
এই ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে যদিও প্ৰকৃত কাৰণ এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই।ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
অৱশ্যে এই সকলো প্ৰশ্নৰ উত্তৰৰ বাবে তদন্তলৈ অপেক্ষা কৰিব লাগিব।