জীৱ-জন্তুৰ সৈতে মানুহৰ মোহ থকাতো এক স্বাভাৱিক কথা যদিও মানুহৰ সৈতে জন্তুৰ প্ৰেম এক আচৰিত কথা। যদিও তেনে এক আচৰিক ঘটনা সংঘটিত হৈছে মানৱ আৰু জন্তুৰ মাজত।
ঘটনাটো সংঘটিত হৈছে বেলজিয়াম চহৰৰ এখন চিৰিয়াখানাত।বেলজিয়ামৰ এডি টিম্মেৰমানছ নামৰ এই ৩৮ বছৰীয়া মহিলা গৰাকীৰ চিৰিয়াখানাত থকা চিতা নামৰ এটা চিম্পাঞ্জীৰ সৈতে গঢ়ি উঠিছে প্ৰেমৰ সম্পৰ্ক।
খবৰ অনুসৰি মহিলা গৰাকী দৈনিক চিৰিয়াখানালৈ আহি সময় অতিবাহিত কৰে চিম্পাঞ্জীটোৰ লগত।আৰু এই সমগ্ৰ কথাখিনি চিৰিয়াখানা কৰ্তৃপক্ষৰ চকুত পৰাত মহিলা গৰাকীক সোধ-পোছ কৰাত সকলো কথা ওলাই পৰে।
সোধা-পোছাৰ অন্তত মহিলা গৰাকীয়ে এই সম্পৰ্কৰ কথা স্বীকাৰ কৰে।আৰু চিম্পাঞ্জীটোৰ লগত ব্যক্তিগত সম্পৰ্ক গঢ় লৈ উঠাৰ কথা স্বীকাৰ কৰাৰ পিছতেই চিৰিয়াখানা কৰ্তৃপক্ষই মহিলা গৰাকীক চিৰিয়াখানাত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰে।
চিৰিয়াখানাত প্ৰৱেশত নিষেধাজ্ঞা সন্মুখীন হোৱা মহিলা গৰাকীয়ে তেওঁলোকৰ এই সম্পৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ”মই চিতাক ভাল পাও আৰু সিও মোক ভাল পাই, ইয়াৰ বাহিৰে আমাৰ একো নাই।তেনেক্ষেত্ৰত কিয় তেওঁলোকে আমাক আতৰাই নিব বিচাৰিছে।“
মানৱ সমাজত জন্তু আৰু মানৱকুলৰ মাজৰ এই প্ৰেম এক অদ্ভূত ঘটনা বুলি অভিহিত কৰাৰ লগতে বিশ্বজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।