VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চিবিআইয়ে মোদীৰ নাম ল’বলৈ হেঁচা দিছিল অমিত শ্বাহক, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ সন্দর্ভত কি ক’লে শ্বাহে ?

voicedesk by voicedesk
March 30, 2023
in মুখ্য সংবাদ
অর্ধসামৰিক বাহিনী-আছাম ৰাইফলছত নিযুক্তিৰ প্ৰাধান্য পাব অগ্নিবীৰে ,ঘোষণা অমিত শ্বাহৰ
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ইউ পি এৰ শাসনৰ সময়ছোৱাত নৰেন্দ্ৰ মোদীৰ নাম প্ৰকাশৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে বুধবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দিনত এটা গোচৰত চি বি আইয়ে তেওঁক জেৰাৰ বাবে মাতিছিল। গুজৰাটত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ সৈতে  নৰেন্দ্ৰ মোদী জড়িত বুলি ক’বলৈ ‘হেঁচা’ দিছিল  চিবিআইৰ বিষয়াসকলে। বুধবাৰে তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ ভাষণতো একেটা বিষয়ৰ কথা আহিছিল।

 

বুধবাৰে বিয়লি শ্বহীদ মিনাৰৰ সমীপত এখন বৈঠকত চিবিআইৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন কৰে তৃণমূলৰ সাংসদ অভিষেক। তেওঁ কয় যে যেতিয়া দলটোৰ দুই নেতা মদন মিত্ৰ আৰু কুনাল ঘোষ জেলত আছিল তেতিয়া তেওঁলোকৰ ওপৰত অভিষেকৰ নাম উচ্চাৰণৰ বাবে ‘চাপ’ৰ সৃষ্টি কৰিছিল। তেওঁ ক’লে, “মদনদা জেলত আছিল।কুনাল ঘোষো জেলত আছিল। মোৰ নাম ল’লে মুকলি কৰি দিয়া হ’ব বুলি কোৱা হৈছিল ৷”

 

লগতে অভিষেকে আজিৰ দিনটোত বিৰোধী দলপতি শুভেন্দু অধিকাৰী আৰু বিজেপিৰ সাংসদ দিলীপ ঘোষৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে বিজেপি নেতা দুগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হ’লেও কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

 

বুধবাৰে নিউজ ১৮ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে শ্বাহে। তাত বিৰোধীৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ ‘অপব্যৱহাৰ’ৰ অভিযোগ সন্দৰ্ভত সোধাত তেওঁ আত্মনিৰীক্ষণৰ কথা উল্লেখ কৰে ৷ শ্বাহে কয়, ‘মোদীৰ নাম ল’বলৈ চিবিআইয়ে মোক হেঁচা দিছিল। ইয়াৰ পিছতো বিজেপিয়ে কেতিয়াও হুলস্থুল কৰা নাছিল।”

 

একে সময়তে শ্বাহে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ইডি-চিবিআইৰ দৰে সংস্থাৰ ‘অপব্যৱহাৰ’ৰ অভিযোগ খণ্ডন কৰে।তেওঁ কয় –“ আমি কেতিয়াও কাকো কোনো কামৰ বাবে দোষাৰোপ কৰা নাছিলো। কংগ্ৰেছ চৰকাৰৰ দিনত নিৰীহ আৰক্ষী বিষয়াক জেলত ভৰোৱা হৈছিল। বিৰোধীয়ে অভিযোগ কৰিছে বুলি আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া বন্ধ কৰিমনে? যদি অভিযুক্তজন ৰাজনৈতিক ব্যক্তি হয়, তেন্তে আমি কাম কৰা উচিত নহয়নে?”

 

 

Previous Post

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

Next Post

পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7