ভাৰত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন দেশ। এই দেশতে এনে বহুতো ঠাই আছে যি পৰ্যটনৰ বাবে অতি উপযোগী। ভাৰতৰ পাহাৰীয়া ঠাই বুলি কলে সাধাৰণতে পোন প্ৰথমেই হিমাচল-প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ঠাই সমূহৰ কথা উল্লেখ কৰা হয়। কিন্তু বহুতো লোকে হয়তো নাজানে যে দক্ষিণ ভাৰততো আছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰীয়া ঠাই। এই পাহাৰীয়া ঠাই সমূহ মনোৰম বাতাবৰণ , মঠ-মন্দিৰ , উদ্যান আৰু সৌন্দৰ্যৰ বাবে বিখ্যাত।
দক্ষিণ ভাৰতৰ কেইখন মান উল্লেখযোগ্য পাহাৰীয়া ঠাই হৈছে-
- সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৯১৫ মিটাৰ ওপৰত থকা কেৰেলাৰ পীৰমেড (Peermade, Kerala) নামৰ ঠাইখন বছৰ বছৰ ধৰি সুনাম কঢ়িয়াই আনিছে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে। সেউজীয়াৰ মাজত থাকি ভাল পোৱা লোকসকলে এই ঠাইৰ ধুনীয়া প্ৰাকৃতিক দৃশ্য আৰু ৰোমান্সকৰ যাত্ৰাৰ আনন্দ উপভোগ কৰিব পাৰে। উল্লেখ্য যে এই ঠাই চাহ খেতি , ঝৰ্ণা , চালে চকুৰোৱা পীৰমেড আদিৰ বাবে বিখ্যাত, যাৰ ফলত দেশী-বিদেশী বহু পৰ্যটকে ভীৰ কৰেহি এই ঠাই।
- তামিলনাডুৰ য়াৰক’ড (Yercaud, Tamil Nadu) এক অতি ধুনীয়া পাহাৰীয়া ঠাই। উল্লেখ্য যে এই ঠাইৰ বাতাবৰণ আৰু পৰিবেশ পৰ্যটনৰ বাবে অতি উপযোগী। তামিলনাডুৰ ছেভাৰয়ছ (Shevaroys Hills)ত থকা এই য়াৰক’ড নামৰ ঠাইখনক দক্ষিণ ভাৰতৰ অলংকাৰ বুলিও কোৱা হয়। এই ঠাইৰ সকলোতকৈ আকৰ্ষণীয় ঠাই হৈছে চহৰৰ মাজমজিয়াত থকা ডাঙৰ ঝৰ্ণাটো “the Big Lake” ।কোনোলোকে নাওৰ সহায়ত সেই ঠাইৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। আনহাতে কমলা গছ , কফি গছ আদিৰ বাবেও বিখ্যাত এই ঠাই।
- নিৰলে এক শান্ত পৰিবেশৰ মাজত থাকিব বিচাৰিলে অন্ধ্ৰ-প্ৰদেশৰ আৰাকো ভেলী (Araku Valley, Andhra Pradesh) এক উপযুক্ত ঠাই। ইয়াৰ চাৰিফালে থকা সেউজীয়া ৰঙেৰে পৰিপূৰ্ণ সৌন্দৰ্যই অতি সহজতেই পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। উল্লেখ্য যে বৰ্তমান সময়তো এই ঠাইখন সিমান পৰ্যটকৰ দৃষ্টিত ধৰা পৰা নায়। কিন্তু কোনো পৰ্যটকে শীতৰ সময়ত বা মে’ আৰু ছেপ্তেম্বৰ মাহতো সেই ঠাইলৈ গৈ আনন্দ উপভোগ কৰিব পাৰে।
- কৰ্ণাটকৰ কোৰ্গ বা ক’ডাগো (Kodagu, Coorg) নামৰ ঠাইখন ইয়াৰ চৰাই চিৰিকতি , দীঘলীয়া পদযাত্ৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত। গ্ৰীষ্মৰ সময়ত এই ঠাইত সময় কটাবলৈ ভাল কাৰণ এই ঠাইৰ ঠাণ্ডা বাতাবৰণে গৰমৰ দিনৰ অশান্তিৰ পৰা বচাই ৰখাত সহায় কৰে। এই ঠাই ঘন জংঘল, নদী , ঝৰ্ণা , বৌদ্ধ মঠ আদিৰ বাবেও বিখ্যাত।
- তামিলনাডুৰ ওটি (Ooty)ক পাহাৰীয়া অঞ্চলৰ ৰাণী বুলি কোৱা হয়। এই ঠাই দক্ষিণ ভাৰতৰ ভিতৰত গ্ৰীষ্মৰ সময়ত আটাইতকৈ উপযোগী ঠাই। এই ঠাইত থকা ল’জ, হোটেল , আৰামদায়ক ঘৰ আদিবোৰে পৰ্যটকক সহজতে আকৰ্ষণ কৰে। ওটিত থকা “Mudumalai National Park”, “Kalhatty Waterfalls”, “Mukurthi National Park”, “Rockview Point”, “Ooty Rose Garden” আদি ঠাইসমূহ পৰ্যটকৰ বাবে অতি উপযোগী।