অবিশ্বাস্য হ’লেও এই কথা সঁচা যে মালয়েছিয়াত মাছ খাই মৃত্যু মুখত পৰিছে এগৰাকী মহিলা ৷ সমগ্ৰ বিশ্বৰ মানুহে মাছ খায়। কিন্তু কোনেও কেতিয়াও ভবা নাছিল যে মাছ খালে তেওঁলোকৰ জীৱন বিপদাপন্ন হ’ব পাৰে । মালয়েছিয়াত সংঘটিত হোৱা এনে এক আচৰিত খবৰে ব্যতিব্যস্ত কৰিছে সকলোকে ৷
বাতৰি অনুসৰি মালয়েছিয়াত মাছ খাই মৃত্যু হৈছে এগৰাকী ৮৩ বছৰীয়া বৃদ্ধাৰ। আনহাতে মহিলাগৰাকীৰ স্বামী বৰ্তমান ক’মাত।জানিব পৰা মতে যোৱা সপ্তাহত পাফাৰ ফিচ (Puffer Fish) খাইছিল এই দম্পত্তিহালে।
এক স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি নিউয়ৰ্ক পোষ্টে এই মাছত বিষাক্ত পদাৰ্থ থকা বুলি প্ৰকাশ কৰিছে। এই মাছ খাই অসুস্থ হৈ পৰাৰ পিছতেই মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বাটতে তেওঁৰ মৃত্যু হয়। দম্পতীহালৰ কন্যা এন জি আই লীয়ে কয় যে তেওঁৰ দেউতাকে ২৫ মাৰ্চত ওচৰৰ দোকান এখনৰ পৰা পাফাৰ মাছ কিনিছিল। ইয়াৰ পিছত দুয়ো দুপৰীয়াৰ আহাৰ খাইছিল আৰু তাৰ কিছুসময়ৰ পিছতেই মাক কঁপিবলৈ ধৰে আৰু তেওঁৰ উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয়।আনহাতে মাতৃ অসুস্থ হোৱাৰ কেইঘণ্টামানৰ পাছত পিতৃৰো একে লক্ষণ দেখা গৈছিল।
অৱশ্যে মৃত্যুৰ কাৰণ ‘খাদ্যৰ বিষক্ৰিয়া’ বুলি দিয়া হৈছে।আনহাতে জোহৰৰ স্বাস্থ্য আৰু ঐক্য সমিতিৰ অধ্যক্ষ লিং টিয়ান ছুনে কয় যে এই পাফাৰ মাছত মাৰাত্মক বিষাক্ত পদাৰ্থ পোৱা যায়।
দম্পতীহালৰ কন্যাই কয় যে তেওঁৰ পিতৃ এতিয়াও ক’মাত আছে । আনহাতে ডাক্তৰৰ মতে তেওঁৰ দেউতাক যথেষ্ট বয়সীয়াল হোৱাৰ বাবেই সুস্থ হোৱাৰ পিছতো তেওঁ আগৰ দৰে নাথাকিব। ডাক্তৰে জনোৱা মতে পাফাৰ মাছত টেট্ৰ’ড’টক্সিন আৰু চেক্সিটক্সিন পোৱা যায়। যাক ঠাণ্ডা বা গৰম কৰিও ধ্বংস কৰিব নোৱাৰি।সেয়েহে ইয়াক কেৱল দক্ষ চেফসকলেহে তৈয়াৰ কৰে। কেৱল তেওঁলোকেহে নিজৰ দক্ষতাৰে ইয়াৰ মাৰাত্মক বিষাক্ত পদাৰ্থ নাইকিয়া কৰিব পাৰে।