সোমবাৰে পুৱাৰে পৰা বন্ধ হৈ পৰিছে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ‘ষ্টেট বেংক অৱ ইণ্ডিয়া’ৰ নেট বেংকিঙকে ধৰি বহু সেৱা । সেয়েহে ফাণ্ড ট্ৰেন্সফাৰত সন্মুখীন হোৱা সমস্যাৰ অভিযোগ উত্থাপন কৰিছে বহু ব্যৱহাৰকাৰীয়ে। অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোৰ নেট বেংকিং সেৱাৰ উপৰিও হ্ৰাস পাইছে ইউ পি আই আৰু য়ুনো এপৰো সেৱা ।
এই সন্দৰ্ভত ক্ৰেডিট কাৰ্ডৰ ধন পৰিশোধ বন্ধ হোৱা বুলিও টুইটাৰ যোগে অভিযোগ উত্থাপন কৰিছে বহু গ্ৰাহকে।আনহাতে একে সময়তে বেংকৰ ৱেবছাইটত এটা ভুল বাৰ্তা দেখা গৈছে ৷ য’ত লিখা আছে যে বেংকৰ চাৰ্ভাৰত কিবা এটা ভুল হৈছিল সেয়েহে যাতে গ্ৰাহক সকলে পুনৰ চেষ্টা অব্যাহত ৰাখে। ইফালে বিশ্বজুৰি চাৰ্ভাৰৰ সমস্যা অনুসৰণ কৰা ৱেবছাইট ডাউনডিটেক্টৰেও এছ বি আইৰএই সমস্যাৰ বিষয়ে জনাইছে। দেওবাৰেও ৱেবছাইটটোত একেধৰণৰ সমস্যা দেখা গৈছিল।
উল্লেখনীয় যে এজন ব্যৱহাৰকাৰীয়ে টুইট কৰি লিখিছে যে যোৱা ৩২ ঘণ্টা ধৰি কাম কৰা নাই এছ বি আইৰ পেমেণ্ট গেটৱেএ।অৱশ্যে গ্ৰাহকসকলৰ এই সমস্যা সন্দৰ্ভত বেংকটোৱে ব্যৱহাৰকাৰীসকলক পুনৰ চেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে। লগতে এছ.বি.আইয়ে নিজৰ অফিচিয়েল একাউণ্টৰ পৰা টুইট কৰি এই কথা লিখিছে যে গ্ৰাহকসকলৰ ওচৰত এই অসুবিধাৰ বাবে তেওঁলোক ক্ষমা প্ৰাৰ্থী। গতিকে তেওঁলোকক অনুৰোধ কৰা হৈছে যে তেওঁলোকে যেন পুনৰ চেষ্টা কৰে আৰু সমস্যা থাকিলে পুনৰ তেওঁলোকক অৱগত কৰে ৷
গুৰুত্বপূৰ্ণ কথা হ’ল যে বাৰ্ষিক বন্ধৰ কাৰ্যকলাপৰ বাবেই ১ এপ্ৰিলত প্ৰায় ৩ ঘণ্টাৰ বাবে বেংকে বন্ধ কৰি দিছিল ইয়াৰ বিভিন্ন সেৱাসমূহ। অৱশ্যে বেংক প্ৰতিষ্ঠানটোৱে এতিয়াও আনুষ্ঠানিকভাৱে এই বিষয়টো স্বীকাৰ কৰা নাই। বেংক প্ৰতিষ্ঠানটোৰ মতে এই সমস্যা সন্দৰ্ভত এতিয়ালৈকে গ্ৰাহকেও দিয়া নাই কোনো তথ্য।
User reports indicate State Bank of India (SBI) is having problems since 9:19 AM IST. https://t.co/jchuWT1qKY RT if you're also having problems #StateBankofIndia(SBI)down
— Down Detector India (@DownDetectorIN) April 3, 2023